peepl-small

মিজোৰামত সাতদিনীয়া লকডাউন আৰম্ভ

PUBLISHED:

গুৱাহাটীঃ উত্তৰ–পূবৰ ৰাজ্য মিজোৰামৰ ৰাজধানী আইজলকে ধৰি ১০খন জিলাত লকডাউন আৰম্ভ হৈছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ মাত্রা বর্দ্ধিত হোৱাৰ পৰিপ্রেক্ষিততে মিজোৰাম চৰকাৰে মঙলবাৰে নিশাৰ পৰা আইজল চহৰকে ধৰি ১০খন জিলাত মুখ্য কার্যালয়সমূহত লকডাউন ঘোষণা কৰিছে৷

২০ এপ্রিলৰ পুৱা ৪ বজাৰ পৰা অহা ২৬ এপ্রিললৈকে চৰকাৰী কর্মচাৰীসকলে ঘৰৰ পৰাই সেৱা আগবঢ়াব৷ ইখন চহৰৰ পৰা সিখন চহৰলৈ কিন্বা ইখন গাঁৱৰ পৰা সিখন গাঁৱৰ মাজত যাতায়াতৰ ক্ষেত্রত নিশা ৮.৩০ বজাৰ পৰা পুৱা ৪ বজালৈ বলবৎ হোৱা সান্ধ্য আইনৰ সময়ত আগতীয়া অনুমতি ল’ব লাগিব৷ এই সময়ছোৱাত সকলো ধর্মীয় স্থান, শৈক্ষিক প্রতিষ্ঠান, উদ্যান, থিয়েটাৰ, জীম, শ্বপিংমল সম্পূর্ণকৈ বন্ধ থাকিব৷

RELATED ARTICLES