peepl-small

ক’ভিড পৰিস্থিতি অনুকূল হ’লে অনুষ্ঠিত হ’ব মেট্রিক পৰীক্ষা

PUBLISHED:

গুৱাহাটী: সমগ্র ৰাজ্যৰ লগতে মহানগৰীতো এতিয়া দ্রুত হাৰত বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা৷ ইতিমধ্যে গুৱাহাটী মহানগৰীত ক’ভিড আক্রান্তৰ সংখ্যাই এহেজাৰৰ ঘৰ অতিক্রম কৰাৰ পাছত বন্ধ হৈছে শিক্ষানুষ্ঠান৷ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পূর্বে ঘোষণা কৰা অনুসৰি এখন জিলাত ১,০০০তকৈ অধিক লোক ক’ভিডত আক্রান্ত হ’লে তেনে জিলাত শিক্ষানুষ্ঠানসমূহ বন্ধ হ’ব৷ শিক্ষামন্ত্রীৰ এই নির্দেশৰ পাছতে আজিৰে পৰা বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান৷ এই শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰাৰ পাছতে আগন্তুক মেট্রিক পৰীক্ষার্থী আৰু অভিভাৱকসকলৰ মাজত বৃদ্ধি পাইছে ব্যাপক উৎসুকতা৷ ক’ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত এইবাৰ মেট্রিক পৰীক্ষা অনুষ্ঠিত হ’বনে? যদি হয়, ক’ভিড পৰিস্থিতিৰ মাজত ছেবাই কিদৰে অনুষ্ঠিত কৰিব মেট্রিক পৰীক্ষা৷

শিক্ষার্থী–ভিভাৱকৰ মাজত সৃষ্টি হোৱা এনেবোৰ প্রশ্ণৰ মাজতে ‘নিয়মীয়া বার্তা’ৰ হাতত আহি পৰিছে এক গুৰুত্বপূর্ণ তথ্য৷ ছেবাৰ এক বিশ্বস্ত সূত্রই সদৰী কৰা অনুসৰি ক’ভিড পৰিস্থিতি অনুকূল হ’লে পূর্বনির্ধাৰিত সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্রাছা পৰীক্ষা৷ ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগলৈ আজি ছেবাই এই সন্দর্ভত প্রেৰণ কৰিছে এখন পত্র৷ তাৰ মাজতে ছেবাৰ এক সূত্রত প্রকাশ কৰা অনুসৰি অহা ৪ মে’ত মেট্রিক পৰীক্ষা সন্দর্ভত শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ আৰু ছেবাৰ মাজত অনুষ্ঠিত হ’ব এখন গুৰুত্বপূর্ণ বৈঠক৷ এই বৈঠকৰ পাছতে পৰীক্ষা সন্দর্ভত অহা ৬ মে’ত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে ছেবা কর্তৃপক্ষৰ৷ ইফালে ছেবাৰ এক বিশ্বস্ত সূত্রই সদৰী কৰা অনুসৰি পৰিস্থিতি জটিল হ’লেও এইবাৰ কোনোপধ্যে বাতিল নহয় মেট্রিক পৰীক্ষা, অৱশ্যে কিছু সালসলনি হ’ব পাৰে পূর্বনির্ধাৰিত পৰীক্ষাৰ সূচী৷ উল্লেখ্য যে এইবাৰ ৰাজ্যৰ ৮৭৮টা পৰীক্ষা কেন্দ্রত অৱতীর্ণ হ’ব ৪ লাখ ৩০ হাজাৰ ৩৩৮গৰাকী পৰীক্ষার্থী৷

RELATED ARTICLES