peepl-small

এছডিজি সূচাংক বৃদ্ধি অসমৰ

PUBLISHED:

গুৱাহাটী: নিটি আয়োগৰ বহনক্ষম উন্নয়নৰ লক্ষ্য সূচাংকত অসমৰ স্থান পূর্বতকৈ আগবঢ়া বুলি শুকুৰবাৰে ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ খানাপাৰাৰ প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত বহনক্ষম উন্নয়নৰ লক্ষ্য–সর্বভাৰতীয় সূচক ২০২০–২১ শীর্ষক কর্মশালাত হোৱা আলোচনাৰ অন্তত মুখ্যমন্ত্রীগৰাকীয়ে এই ঘোষণা কৰি কয়– বহনক্ষম উন্নয়নৰ লক্ষ্য (এছ ডি জি) সূচাংক মুখ্যতঃ তিনিটা শিতানত নির্ধাৰণ কৰা হয়৷

এচিভাৰ, পাৰফর্মেঞ্চ, এছপাইৰেণ্ট৷ ২০১৮ চনত অসমে সূচাংক নম্বৰ পাইছিল ৪৯৷ অর্থাৎ ৰাজ্যখন আছিল এছপাইৰেণ্ট শিতানত৷ কিন্তু ২০১৯ চনত অসমে দ্বিতীয় পর্যায় অর্থাৎ পাৰফর্মেঞ্চ শিতানলৈ আহিবলৈ সক্ষম হয় আৰু অসমৰ সূচাংক হয় ৫৭৷ কর্মশালা সম্পন্ন হোৱাৰ পাছতেই আয়োজন কৰা সংবাদ মেলত এই ঘোষণা কৰি মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো উল্লেখ কৰে যে এছ ডি জিয়ে মুখ্যতঃ নেচনেল ফেমিলী হাউছ ছার্ভে (এন এফ এইচ এছ)–৪ৰ ওপৰত সমীক্ষা চলাই এই সূচাংক প্রস্তুত কৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে অসমৰ প্রকৃত ছবিখন অন্যহে৷

বহু ক্ষেত্রত নিটি আয়োগে যি ডাটা সংগ্রহ কৰিছে, তাৰ বিপৰীতে অসমে কেইবাটাও দিশত উন্নয়ন সাধিবলৈ সক্ষম হৈছে৷ উদাহৰণস্বৰূপে আয়োগৰ ডাটা অনুসৰি ৰাজ্যত পুৰুষে মহিলাৰ ওপৰত অধিক আধিপত্য চলোৱা বুলি ডাটা সংগ্রহ কৰা হৈছে৷ অসমৰ আৰক্ষী থানাসমূহত মহিলাই দাখিল কৰা গোচৰৰ ওপৰত ভিত্তি কৰি এই ডাটাবোৰ সংগ্রহ কৰা হৈছে৷ কিন্তু ইয়াক নেতিবাচক হিচাপে লোৱাৰ বিপৰীতে ইতিবাচক হিচাপে ল’লে স্পষ্ট হয় যে অসমৰ পুৰুষৰ সমানেই মহিলাৰো সম–ধিকাৰ আছে৷

দুদিনীয়া এই কর্মশালাত এই বিষয়বোৰ নিটি আয়োগক আঙুলিয়াই দিয়াত অসমৰ ডাটা সংগ্রহ জটিল বুলি স্বীকাৰ কৰাৰ লগতে ভৱিষ্যতে এন এফ এইচ এছ–৫ ব্যৱহাৰ কৰা হ’ব বুলিও আয়োগে এই কর্মশালাত জানিবলৈ দিছে৷ ইফালে ৰাজ্যৰ বিভিন্ন তথ্য উদ্ঘাটনৰ বাবে অচিৰেই নর্থ–ইষ্ট স্পেচ এপ্লিকেচন চেণ্টাৰ চমুকৈ এন ই এছ এ চিৰ সৈতে এখন বুজাবুজি চুক্তি সম্পন্ন কৰিব চৰকাৰে৷  এই কথাও সদৰী কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷

মুখ্যমন্ত্রীগৰাকীয়ে কয়– এই প্রতিষ্ঠানটোৱে বানপানীৰ আগতীয়া বতৰা দিয়াৰ লগতে বানৰ সময়ত মথাউৰিৰ কোন অংশ ছিগিছে বা ক্ষয়–ক্ষতি হৈছে, তাৰ এক বিস্তৃত ফটো প্রদান কৰাৰ লগতে বাট–পথৰ ক্ষয়–ক্ষতিৰো ফটো সংগ্রহ কৰি চৰকাৰক প্রদান কৰিব৷ দৰাচলতে বিকাশৰ যাত্রাত এন ই এছ এ চিয়ে প্রদান কৰা চিত্রৰ সহায়ত সিদ্ধান্ত লোৱা যথেষ্ট সহায়ক হ’ব৷ ইয়াৰ বাবে চৰকাৰে অচিৰেই এখন বুজাবুজি চুক্তি কৰিব৷ যাৰ জৰিয়তে প্রাকৃতিক দুর্যোগ, অবৈধ দখল আদিৰ এখন প্রকৃত ছবি অসমে লাভ কৰিবলৈ সক্ষম হ’ব৷

RELATED ARTICLES