peepl-small

প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰা হ’ল মক্কাৰ ক’লা শিলৰ ছবি

PUBLISHED:

গুৱাহাটীঃ ইছলামধৰ্মী লোকসকলে পৱিত্ৰ জ্ঞান কৰা ছৌদি আৰৱৰ মক্কাৰ ক’লা শিলৰ কেতিয়াও নেদেখা ছবি মুকলি কৰিছে কৰ্তৃপক্ষই।

পৱিত্ৰ কাবাত থকা ক’লা শিলৰ ছবি অলপতে ৰাজহুৱা কৰিছে বিখ্যাত মছজিদ দুটাৰ দায়িত্বত থকা জেনেৰেল প্ৰেচিডেন্সীয়ে।

এক বিশেষ প্ৰযুক্তিৰে প্ৰথমবাৰৰ বাবে এনেদৰে এই শিলৰ ‘ক্লছ-আপ’ আলোকচিত্ৰ গ্ৰহণ কৰা হৈছে।

এই ঘটনাই সমগ্ৰ বিশ্বৰে ইছলামধৰ্মী লোকসকলৰ মনত উৎসুকতাৰ সৃষ্টি কৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই শিলবিধৰ মুঠ এহাজাৰ পঞ্চাশখন (এখন ছবিত কমেও ১৬০ গিগাবাইট) আলোকচিত্ৰ লোৱা হৈছে।

 

RELATED ARTICLES