peepl-small

চৌদি আৰৱৰ মছজিদক লাউড স্পীকাৰৰ ভলিউম কমাবলৈ নিৰ্দেশ চৰকাৰৰ

PUBLISHED:

গুৱাহাটীঃ আজানৰ সময়ত লাউডস্পীকাৰৰ ভলিউম কম কৰিবলৈ মছজিদসমূহক নিৰ্দেশ দিছে চৌদি আৰৱ চৰকাৰে। কেইবাটাও আগশাৰীৰ সংবাদ মাধ্যমে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে।
‘The National’  আৰু ‘The Siasat daily’-এ প্ৰকাশ কৰা বাতৰি অনুসৰি চৌদি আৰৱৰ ইছলামিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী শ্বেইখ ডা০ আবুল্লতিফ বিন আব্দুলাজিজ আল শ্বেইখে এই সম্পৰ্কে জাৰি কৰিছে নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি শব্দযন্ত্ৰৰ সৰ্বাধিক ভলিউমৰ এক তৃতীয়াংশতকৈ অধিক ভলিউম ব্যৱহাৰ কৰাত বাধা আৰোপ কৰা হৈছে।

আজান বা প্ৰাৰ্থনাৰ সময়ত অতিৰিক্ত লাউডস্পীকাৰ ব্যৱহাৰৰ ফলত বয়সীয়া লোক আৰু শিশুৰ শাৰীৰিক-মানসিক স্বাস্থ্যত পৰিব পৰা কুপ্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তদুপৰি উচ্চ স্বৰত মাইক বজালে কাষৰ আন মছজিদৰ আজানতো ব্যাঘাত জন্মিব পাৰে।

ইছলামিক আইন আৰু হজৰত মহম্মদৰ বাণী অনুসৰি এই নিৰ্দেশ দিয়া হৈছে বুলি চৰকাৰী জাননীখনত প্ৰকাশ কৰা হৈছে। কিয়নো উচ্চস্বৰৰ আজানেৰে ওচৰ-পাজৰত থকা আন লোকসকলৰ অসুবিধাৰ সৃষ্টি কৰাটো গ্ৰহণযোগ্য নহয়।

নিৰ্দেশনাটোত উল্লেখ থকামতে মছজিদৰ ভিতৰত থকা লোকসকলে ইমামৰ কণ্ঠস্বৰ শুনাটোৱেই যথেষ্ট। মাইকৰ ভলিউম বঢ়াই বাহিৰত থকা লোকক শুনোৱাৰ কোনো প্ৰয়োজন নাই।

এই সম্পৰ্কত হায়া ইদ্ৰিছ নামৰ জেদ্দাৰ এগৰাকী বাসিন্দাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে এনেদৰে — “লাউডস্পীকাৰবোৰ কিয় ইমান জোৰে বজায় তাক লৈ মই সদায় চিন্তা কৰিছিলোঁ। এয়াতো বিভিন্ন মছজিদৰ ইমামৰ মাজত প্ৰতিযোগিত নহয়।”

তেওঁ চৰকাৰৰ নিৰ্দেশনাক আদৰি জনাই ইয়াৰ জৰিয়তে ইছলামৰ প্ৰকৃত শিক্ষা আৰু মূল্যবোধৰ প্ৰকাশ ঘটিছে বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে মক্কা আৰু মদিনাৰ বিখ্যাত মছজিদ দুটাৰ উপৰি দেশখনত আছে ৯৮ হাজাৰৰো অধিক মছজিদ।

চৰকাৰে জাৰি কৰা এই নিৰ্দেশনাক ইছলামিক দেশখনৰ ধৰ্মীয় সমাজে কেনেদৰে গ্ৰহণ কৰে সেয়া হৈ পৰিছে লক্ষ্যণীয়।

Picture: Pexels.com

RELATED ARTICLES