peepl-small

উত্তৰ প্রদেশত শনি–দেওবাৰে লকডাউন, নৈশ সান্ধ্য আইন ঘোষণা

PUBLISHED:

গুৱাহাটীঃ ক’ভিড–১৯ৰ সংক্রমণ দ্রুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত উত্তৰ প্রদেশ চৰকাৰে শনি আৰু দেওবাৰ তথা সপ্তাহান্তিক লকডাউন ঘোষণা কৰিছে৷ ইপিনে সপ্তাহান্তিক নৈশ সান্ধ্য আইনৰ প্রসাৰণ ঘটাই অহা ২৩ এপ্রিলৰ পৰা প্রতিদিনে নৈশ সান্ধ্য আইনৰ ঘোষণা কৰিছে৷ সেই মর্মে ২৩ এপ্রিলৰ সন্ধিয়া ৮ বজাৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ হ’ব৷ ৰাজ্যখনৰ ৭৫খন জিলাতেই নৈশ সান্ধ্যআইন বলৱৎ হ’ব৷

গৃহ বিভাগৰ অতিৰিক্ত মুখ্যসচিব অৱনিশ কে অৱস্থিয়ে আজি এই নির্দেশনা জাৰি কৰি লকডাউন আৰু নৈশ সান্ধ্য আইনৰ ব্যৱস্থাত সকলো অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া বুলি উল্লেখ কৰিছে৷ আনপিনে তেলেংগানাতো ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি হৈ আছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাও ইতিমধ্যে ক’ভিড–১৯ত আক্রান্ত হৈ নিজা বাসভৱনত চিকিৎসকৰ নিৰীক্ষণত আছে৷

ক’ভিড সংক্রমণৰ মাত্রা বর্ধিত হোৱাৰ বাবে মঙলবাৰৰে পৰা অহা ১ মে’ লৈকে সমগ্র ৰাজ্যখনতে নৈশ সান্ধ্য আইন ঘোষণা কৰিছে৷ নির্দেশনা অনুসৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব৷ উল্লেখ্য যে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মহামাৰী প্রতিৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ নকৰাক লৈ ভর্ৎসনা কৰাৰ পিছতে চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷

RELATED ARTICLES