peepl-small

সাতগাঁৱত দোকান লণ্ডভণ্ড বনৰীয়া হাতীৰ

PUBLISHED:

গুৱাহাটীঃ  মহানগৰীৰ সাতগাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্রাস৷ সাতগাঁৱৰ সেনা শিবিৰৰ সমীপৰ বজাৰত আজি দিন দুপৰতে এটা প্রকাণ্ড বনৰীয়া হাতীয়ে অঞ্চলটোত মুক্ত বিচৰণ কৰি ত্রাসৰ সৃষ্টি কৰাৰ লগতে কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠানৰ ফলমূল আৰু আন সামগ্রী ভক্ষণ কৰে৷ জানিব পৰা মতে, প্রকাণ্ড গজৰাজটোৱে সেনা শিবিৰৰ দাঁতিতে থকা আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহি সাতগাঁও বজাৰ অঞ্চলত বহু সময় ধৰি মুক্ত বিচৰণ কৰি ফুৰাৰ উপৰি বজাৰৰ একাধিক দোকানৰ ফলমূল, চাউল আদি সামগ্রী লণ্ডভণ্ড কৰে৷

স্থানীয় লোক আৰু বন বিভগৰ লোকে ফটকা ফুটাই, জুই জ্বলাই খেদাৰ চেষ্টা কৰাৰ বহু সময়ৰ পিছত সেনা শিবিৰৰ মূল পথেৰে সোমাই পুনৰ অভয়াৰণ্যত প্রৱেশ কৰে প্রকাণ্ড বন্যহস্তীটো৷ উল্লেখযোগ্য যে সাতগাঁও অঞ্চলত প্রায়ে আমচাং অভয়াৰণ্যৰ পৰা বনৰীয়া হাতীটো খাদ্যৰ সন্ধানত ওলাই আহি ত্রাসৰ সৃষ্টি কৰে৷ এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় লোকে বন বিভাগক বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো বিভাগীয় কর্তৃপক্ষই গুৰুত্ব আৰোপ কৰা নাই৷ সেয়ে যিকোনো সময়ত বনৰীয়া হাতীটোৱে সাতগাঁৱত অঘটন ঘটোৱাৰ শংকাত ভুগিছে স্থানীয় ৰাইজ৷

RELATED ARTICLES