peepl-small

বিশিষ্ট সংস্কৃত পণ্ডিত ড০ চাৰহাৰউদ্দিন আহমেদৰ বিয়োগ

PUBLISHED:

গুৱাহাটীঃ বিশিষ্ট সংস্কৃত পণ্ডিত তথা অসম ৰাজ্যিক সংগ্রহালয়ৰ অৱসৰপ্রাপ্ত সঞ্চালক, ‘সংস্কৃতৰ সমুদ্রত অৱগাহন’ গ্রন্থৰ স্রষ্টা ড০ চাৰহাৰউদ্দিন আহমেদৰ আজি পুৱতিনিশা প্রায় ৪ বজাত মৃত্যু হয়৷ বিশিষ্ট পণ্ডিতগৰাকী অসুস্থ হৈ পৰাত ২৯ মার্চত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসাধীন অৱস্থাতে আজি পুৱতিনিশা তেওঁৰ মৃত্যু হয়৷ ১৯৫৫ চনৰ ৩ মার্চত শোণিতপুৰ জিলাৰ ইটাখোলাত ড০ আহমেদৰ জন্ম হয়৷ ইটাখোলাৰ ইদ্রিছ আলী আৰু ছালেমান নেচেৰৰ পুত্র ড০ আহমেদ পৰৱর্তী সময়ত নগাঁও চহৰৰ ধিংগেটৰ সমীপৰ কাৱৈমাৰী টানপাৰাৰ বাসিন্দা হৈ পৰে৷ উত্তৰ অসমৰ এটা ১২০ বছৰীয়া সংস্কৃতিৱান, অভিভাষী মুছলমান পৰিয়ালৰ সন্তান ড০ আহমেদৰ জীৱন পৰিক্রমা বিভিন্ন ঘাত– প্রতিঘাতৰ মাজেৰে সমৃদ্ধ৷ ইটাখোলাতে প্রাথমিক শিক্ষা সাং কৰি ১৯৭২ চনত উত্তৰ জামুগুৰি হাইস্কুলৰ পৰা সুখ্যাতিৰে প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈছিল৷ ১৯৭৪ চনত দৰং মহাবিদ্যালয়ৰ পৰা প্রাক্ বিশ্ববিদ্যালয়ৰ পৰীক্ষা আৰু একেখন মহাবিদ্যালয়ৰ পৰা ১৯৭৬ চনত ইংৰাজী বিষয়ত স্নাতক ডিগ্রী লাভ কৰে৷

১৯৭৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ সকলো দিশৰ পৰা পিছপৰা ইটাখোলাৰ দৰে গাঁৱৰ এটা দৰিদ্র আৰু অৱহেলিত পৰিয়ালত জন্মগ্রহণ কৰা ড০ আহমেদে শিক্ষাগ্রহণৰ ক্ষেত্রত অপৰিসীম কষ্টৰ সন্মুখীন হৈছিল৷ জ্ঞান অর্জনৰ ক্ষেত্রত সন্মুখীন হোৱা সকলো বাধা–বিঘিনি নেওচি তেওঁ সংস্কৃত বিষয়ত এগৰাকী সফল পণ্ডিত হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়৷ এটা মুছলমান পৰিয়ালত জন্মগ্রহণ কৰা ড০ আহমেদ সৰুৰে পৰা সংস্কৃতৰ প্রতি আকর্ষিত হৈছিল৷ সংস্কৃতৰ প্রতি থকা অগাধ আকর্ষণৰ বাবেই ১৯৮০ চনত বিদগ্ধ সংস্কৃত পণ্ডিত ড০ মুকুন্দ মাধৱ শর্মাৰ তত্ত্বাৱধানত‘A Literary study of the Sanskrit Inscriptions of Assam (অসমৰ সংস্কৃত পুৰাভিলেখনসমূহৰ সাহিত্যিক মূল্যায়ন) বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডিগ্রী লাভ কৰে৷

উক্ত গৱেষণাৰ বাবে তেওঁ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ পৰা জলপানি লাভ কৰে৷ ১৯৮৬ চনৰ ২৮ ফেব্রুৱাৰীত তেজপুৰৰ জিলা সংগ্রহালয়ৰ ভাৰপ্রাপ্ত সঞ্চালক হিচাপে যোগদান কৰি তেওঁ কর্ম জীৱন আৰম্ভ কৰে৷ পৰৱর্তী সময়ত তেওঁ পদোন্নতি লাভ কৰি সহকাৰী সঞ্চালকৰ পৰা ২০১৩ চনত অসম ৰাজ্যিক সংগ্রহালয়ৰ সঞ্চালক হিচাপে নিয়োজিত হয় আৰু সঞ্চালক পদৰ পৰা তেওঁ ২০১৬ চনত অৱসৰ গ্রহণ কৰে৷ কর্ম জীৱনৰ সমান্তৰালভাৱে তেওঁ সাহিত্য চর্চাত ব্রতী আছিল৷ সংস্কৃতৰ প্রতি থকা দায়বদ্ধতাৰ বাবেই দেশ–বিদেশৰ বিভিন্ন জার্নাল, বাতৰিকাকত, আলোচনীত নিয়মীয়াকৈ সংস্কৃত–সাহিত্য, ইতিহাস পুৰাভিলেখ ইত্যাদি বিষয়ৰ ওপৰত গৱেষণামূলক প্রবন্ধ আদি লিখাৰ উপৰি বিভিন্ন ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ছেমিনাৰত অংশগ্রহণ কৰি গৌৰৱ কঢ়িয়াই আনিছিল৷ ‘সংস্কৃত সমুদ্রত অৱগাহন’ নামৰ তেওঁৰ আত্মজীৱনীমূলক গ্রন্থখনৰ লেখা প্রান্তিকত ধাৰাবাহিকভাৱে প্রকাশ পাইছিল৷ ১৯৯০ চনৰ ৩ মার্চত ড০ আহমেদ চামচুন নেহাৰ বেগমৰ লগত বিবাহপাশত আবদ্ধ হয়৷ চামচুন নেহাৰ বেগম বর্তমান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা৷

উল্লেখ্য যে ড০ আহমেদে তেওঁৰ আত্মজীৱনী গ্রন্থখনৰ বাবে মাখন প্রসাদ দুৱৰা বঁটা লাভ কৰিছিল৷ আনকি নগাঁও জিলাৰ সাংবাদিক সমাজে যোৱা ২০১৮ চনত কলঙৰ বাকৰি নেহৰুবালিত অনুষ্ঠিত ৰঙালী বিহু উৎসৱৰ এক অনুষ্ঠানত ড০ আহমেদক সম্বর্ধনা জনাইছিল৷ এজন নৈষ্ঠিক ইছলামধর্মী অসমীয়াৰ সংস্কৃত–সাহিত্য তথা ভাৰতীয় সংস্কৃতিৰ প্রতি উৎসর্গিত জীৱনধাৰা অতি বিস্ময়কৰ৷ ড০ আহমেদৰ মৃত্যুত ৰাজ্যখনৰ বৌদ্ধিক মহলত শোকৰ ছাঁ পৰিছে৷ তেওঁৰ মৃত্যুত নগাঁৱতো শোকৰ বন্যা বৈছে৷ বিশিষ্ট সাহিত্যিক উপেন্দ্র বৰকটকীয়ে কয় যে জামুগুৰিহাটৰ মাধৱ প্রদীপ সংস্কৃত টোলত অধ্যয়ন কৰা চাৰহাৰউদ্দিন আহমেদে বিশিষ্ট পণ্ডিত গোবিন্দ চন্দ্র ভাগৱতী, ড০ মুকুন্দ মাধৱ শর্মাৰ দৰে ব্যক্তিক গুৰু হিচাপে পাইছিল৷সাম্প্রতিক সময়ত একাংশ ৰাজনৈতিক নেতাই সাম্প্রদায়িক মন্তব্যৰে অসমৰ বাতাৱৰণ কলুষিত কৰিব বিচৰাৰ সময়ত সাম্প্রদায়িকতাৰ ঊর্ধ্বত থকা ড০ চাৰহাৰউদ্দিন আহমেদৰ দৰে মহৎ মনৰ ব্যক্তি সকলোৰে আদর্শ হোৱা উচিত৷

ড০ চাৰহাৰউদ্দিন আহমেদৰ মৃত্যুত শোক প্রকাশ কৰি অৱসৰপ্রাপ্ত অধ্যাপক তথা নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ সভাপতি গুণ শইকীয়াই কয়– ‘চাৰহাৰউদ্দিন আহমেদৰ ব্যতিক্রমী জীৱন সমাজৰ বাবে চিৰকালৰ আদর্শ হৈ থাকিব৷ সংস্কৃত ভাষা–সাহিত্যৰ জগতে এজন প্রকৃত সাধকক হেৰুৱালে৷’ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মা, প্রাক্তন মন্ত্রী গিৰীন্দ্র কুমাৰ বৰুৱা আদিয়েও ড০ চাৰহাৰউদ্দিন আহমেদৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷ ড০ আহমেদৰ মৃত্যুত নগাঁও জিলা সাহিত্য সভা, অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও জিলা সমিতি, নগাঁও জিলা সংস্কৃত শিক্ষা মঞ্চ, নগাঁও প্রেছ ক্লাব, আজুৰ নগাঁও জিলা সমিতি, নগাঁও জিলা বার্তাজীৱী সংঘ, আপকু, সদৌ নগাঁও জিলা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, জ্যেষ্ঠ নাগৰিক সন্মিলন, নগাঁও জিলা আমছু, অসম সংখ্যালঘু সংগ্রাম পৰিষদ, চৰ–চাপৰি সাহিত্য পৰিষদ, সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থা, গ্রাম বিকাশ পৰিষদ আদিয়ে শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, সুকন্যা ডাঃ শ্বামিমা নাজৰিনসহ দুই কন্যা আৰু বহু আত্মীয়–স্বজন ইহসংসাৰত এৰি থৈ গৈছে৷ আজি দুপৰীয়া ডেৰ বজাত বহু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ জানাজা সম্পন্ন কৰা হয়৷

RELATED ARTICLES