peepl-small

আছুত থকাৰ সন্মতি ড০ সমুজ্জ্বল ভট্টাচাৰ্যৰঃ কি ক’লে দীপাংক আৰু লুৰিণে?

PUBLISHED:

গুৱাহাটীঃ আজি সদৌ অসম ছাত্ৰ সন্থাৰ শপতগ্ৰহণ অনুষ্ঠান আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰসন্ন নাৰায়ণ চৌধুৰী প্ৰেক্ষাগৃহত। দুলীয়াজান অধিৱেশনত নতুনকৈ গঠন কৰা আছুৰ কাৰ্যনিৰ্বাহক সমিতিৰ এই শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত সকলোৰে মাজত উঠিছে এটা প্ৰশ্ন।

সেয়া হ’ল ছাত্ৰ সন্থাত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য পুনৰ আগৰ পদবীতে বাহাল থাকিব নে নাই। এই সম্পৰ্কে সাংবাদিকৰ আগত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়- ‘ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনত সন্মানীয় প্ৰতিনিধিসকলে কৰা অনুৰোধ, অসমৰ বিভিন্ন জনগোষ্ঠীয় নেতৃবৰ্গই ৰাজহুৱা সভাত কৰা আহ্বান আৰু অসমৰ কেইবাৰাকীও বিশিষ্ট ব্যক্তিয়ে ৰাজহুৱাভাৱে দিয়া পৰামৰ্শৰ প্ৰতি সন্মান জনাই মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম-কাজ কৰি যোৱাৰ বাবে সন্মতি প্ৰকাশ কৰিছোঁ।’

ড০ ভট্টাচাৰ্যই আছুত থকাৰ ক্ষেত্ৰত দিয়া সন্মতি প্ৰদান সম্পৰ্কে আছুৰ সভাপতি দীপাংক নাথৰ মন্তব্য- ‘ইতিমধ্যে যিহেতু অসমৰ বিভিন্ন জিলা ছাত্ৰ সন্থাই তেখেতক থকাৰ বাবে আহ্বান জনোৱাৰ পিছত তেখেতে সময় লৈছিল আৰু এতিয়া আছুত থাকিম বুলি সন্মতি দিছে, গতিকে বিষয়টো আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত আলোচনা কৰা হ’ব আৰু সেই অনুযায়ী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।’

আনহাতে এই সম্পৰ্কে আছুৰ প্ৰাক্তন সম্পাদক লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰে এইদৰে- ‘সেই সকলো কথা নতুন কাৰ্যনিৰ্বাহক সমিতিয়েহে চিন্তা-চৰ্চা কৰিব। উক্ত সভাত সংবিধানৰ যিটো বিধি, সেই মতে হ’ব।’

RELATED ARTICLES