peepl-small

চিংৰা আপোনাৰ স্বাস্থ্যৰ বাবে কিয় অপকাৰী?

PUBLISHED:

গুৱাহাটীঃ যিবোৰ খাদ্য খাই ভাল লাগে, অথচ স্বাস্থ্যৰ বাবে অপকাৰী, সেইবোৰৰ ভিতৰত চিংৰাও অন্যকম । চিংৰাৰ লোভ সামৰিব পৰা মানুহ খুউব কমেই আছে । অথচ এই চিংৰাই হৈছে বহু বেমাৰৰ কাৰণ ।
কিয় চিংৰা খোৱাটো স্বাস্থ্যৰ বাবে ইমান অপকাৰী? জানো আহক-

চিংৰাত অতিমাত্ৰা কাৰ্ব’হাইড্ৰেট থাকে । ময়দাৰে প্ৰস্তুত কৰাৰ বাবে কাৰ্ব’হাইড্ৰেটৰ পৰিমাণ অধিক হয় । যিহেতু চিংৰাত আলু থাকে আৰু তেলেৰে ভজা হয়, সেয়ে কাৰ্ব’হাইড্ৰেটৰ মাত্ৰাই স্বাস্থ্যৰ প্ৰতি বিপদ আনিব পাৰে ।

চিংৰাত কেল’ৰিৰ মাত্ৰা অত্যধিক থাকে । এনেধৰণৰ কেল’ৰি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয় ।

ময়দাৰ বিশেষ কোনো উপকাৰিতা নাই । নিয়মীয়াকৈ ময়দাৰে প্ৰস্তুত কৰা খাদ্য খালে ব্লাড ছুগাৰৰ পৰিমাণ বৃদ্ধি, মেটাবলিকৰ সমস্যা, ওজন বৃদ্ধি বা হৃদৰোগ হ’ব পাৰে ।

চিংৰাবোৰ বেছিকৈ ভজা হয় । কেতিয়াবা এবাৰতকৈ বেছিও ভজা হয় । এনে কাৰণত ‘Trans Fat’ সৃষ্টি হয় । ‘Trans Fat’ হৈছে কৰ্কট ৰোগৰো এটা কাৰক ।

চিংৰাত বহু পৰিমাণে নিমখ থাকে । সেয়ে নিয়মীয়াকৈ এনেধৰণৰ নিমখযুক্ত খাদ্য খালে স্বাস্থ্যজনিত নানা সমস্যাই দেখা দিব পাৰে ।

এনেবোৰ কাৰণত নিয়মীয়াকৈ চিংৰা খাল মধুমেহ, উচ্চ ৰক্তচাপ, ওজন বৃদ্ধি, মেদবহুলতা, হৃদৰোগ আদি নানাধৰণৰ সমস্যাই আপোনাক সৰ্বস্বান্ত কৰিব পাৰে ।

RELATED ARTICLES