peepl-small

৪৮ বছৰীয়া হ’ল শচীন তেণ্ডুলকাৰঃ ক’ভিডৰ বাবে এইবাৰো উদযাপন নকৰে জন্মদিন

PUBLISHED:

গুৱাহাটী: দেশৰ জাৰ্চীত খেলি থাকোতে সতীৰ্থসকলৰ সৈতে ড্ৰেছিং ৰুমত বহুবাৰ জন্মদিন উদযাপন কৰিছে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে। কিন্তু দেশজুৰি ক’ৰোনাৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত নিজৰ জন্মদিন উদযাপন নকৰে তেণ্ডুলকাৰে।

আজি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ ৪৮ সংখ্যক জন্মদিন। ক্ৰিকেটৰ ভগৱান হিচাপে পৰিচিত শচীন তেণ্ডুলকাৰ ভাৰতীয় ক্ৰিকেটৰ অন্যতম মাইল’ষ্টোন৷ তেণ্ডুলকাৰে ক্ৰিকেট কেৰিয়াৰৰ প্ৰথম আৰু একমাত্ৰ আইচিচি বিশ্বকাপ জয়ী হোৱাৰ দুবছৰ পাছতে অৰ্থাৎ ২০১৩ চনত ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে।

৪৮ বছৰীয়া খেলুৱৈগৰাকীৰ জন্মদিনটোত বিচিচিআইকে ধৰি ভাৰতীয় ক্ৰিকেটাৰ আৰু অনুৰাগীসকলে টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন কৰিছে৷

উল্লেখ্য যে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ১৯৯৪ চনত অৰ্জুন বঁটা, ১৯৯৯ চনত পদ্মশ্ৰী আৰু ২০০৮ চনত পদ্মবিভূষণ বঁটা লাভ কৰে শচীন তেণ্ডুলকাৰে। ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত তেওঁক ২০১৩ চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।

RELATED ARTICLES