peepl-small

ৰূপজ্যোতি কুর্মীৰ বিজেপিত যোগদানৰ সম্ভাৱনা

PUBLISHED:

গুৱাহাটী: মৰিয়নিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে কংগ্রেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিবলৈ মন মেলিছে৷

সৌসিদিনালৈ প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে নিজকে যোগ্য বুলি দাবী কৰি অহা কুর্মীয়ে এইবাৰ দলটোকে বিদায় জনাবলৈ সাজু হৈছে৷ ইতিমধ্যে বিধায়ক কুর্মী মৰিয়নিৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে৷

জানিব পৰা মতে, গুৱাহাটীত উপস্থিত হৈয়ে কুর্মীয়ে কংগ্রেছ দল আৰু বিধায়ক পদ ত্যাগ কৰিব৷ তাৰ পাছত তেওঁ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদানৰ সম্ভাৱনা আছে৷ এই সম্পর্কত বিধায়ক কুর্মীৰ সৈতে টেলিফোনযোগে যোগাযোগ কৰাত তেওঁ কয় যে সম্প্রতি তেনেধৰণৰ চিন্তা–চর্চা চলিছে৷ আজি পুৱা ১০ বজাত তেওঁ সেই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ সেয়ে তেওঁ এই মুহূর্তত বিষয়টোক লৈ অধিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱা এক–ডেৰবছৰ ধৰি বিভিন্ন সময়ত কুর্মীয়ে বিজেপিত যোগদান কৰিব বুলি প্রচাৰ মাধ্যমত ব্যাপক চর্চা চলি আহিছে৷

তদুপৰি এআইইউডিএফৰে কংগ্রেছৰ মিত্রতাকে ধৰি প্রদেশ কংগ্রেছৰ নেতৃত্বকো ক্ষুৰধাৰ সমালোচনা কৰি আহিছে৷

RELATED ARTICLES