peepl-small

গুৱাহাটীত আৰএছএছপ্রধান অসমৰ সংগঠক প্রচাৰকৰে মোহন ভাগৱতৰ বৈঠক

PUBLISHED:

গুৱাহাটী: দুদিনীয়া কার্যসূচীৰে মঙলবাৰে গুৱাহাটীত উপস্থিত হৈছে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)প্রধান মোহন ভাগৱত৷ বিয়লিৰ ভাগত বিমানযোগে গুৱাহাটীত উপস্থিত হোৱা আৰএছএছপ্রধানগৰা মালিগাঁওস্থিত সেৱা ভাৰতী জনজাতি ছাত্রাৱাসত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ সেই বৈঠকত অখিল ভাৰতীয় ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কেইবাগৰাকীও অখিল ভাৰতীয় অধিকাৰীৰ লগতে অসম ক্ষেত্রৰ কার্যকর্তাসকল উপস্থিত থাকে৷

এই বৈঠকত অসম ক্ষেত্রৰ বিবিধ ক্ষেত্র, সংগঠন মন্ত্রীৰ উপৰি উত্তৰ অসম প্রান্ত, দক্ষিণ অসম প্রান্ত, অৰুণাচল প্রান্ত, মণিপুৰ প্রান্ত আৰু ত্রিপুৰা প্রান্তৰ প্রান্ত প্রচাৰক, প্রান্ত কার্যবাহৰ লগতে সহঃ কার্যবাহসকলেও ভাগ লয়৷ বৈঠকখনত আৰএছএছৰ সাংগঠনিক কাম–কাজৰ বিভিন্ন বিষয় আলোচনা কৰা হয়৷

ইপিনে, আজি এক গ্রন্থ উন্মোচনী সভাত অংশগ্রহণ কৰিব মোহন ভাগৱতে৷ শ্রীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত অধ্যাপক ড০ ননীগোপাল মহন্তৰ গ্রন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে তেওঁ উপস্থিত থাকিব৷ ইয়াৰ পিছতে আৰএছএছপ্রধানগৰা পোনে পোনে চেন্নাইলৈ ৰাওনা হ’ব৷

RELATED ARTICLES