peepl-small

প্রতিমাহে শক্তি বিভাগত ৩০০ কোটি টকাৰ লোকচান

PUBLISHED:

গুৱাহাটী: প্রতিমাহে ৩০০ কোটি টকাৰ লোকচানেৰে চলিছে ৰাজ্যৰ শক্তি বিভাগ৷ এই ভাষ্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ সোমবাৰে গুৱাহাটীৰ বিজুলী ভৱনত মুখ্যমন্ত্রী ড০ শর্মাই শক্তি বিভাগৰ তিনিওটা কোম্পানী অসম শক্তি বিতৰণ কোম্পানীলিমিটেড (এ পি ডি চি এল), অসম শক্তি উৎপাদন নিগম লিমিটেড (এ পি জি চি এল) আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (এ ই জি চি এল)ৰ শীর্ষ বিষয়াসকলৰ উপস্থিতিত এখন পর্যালোচনা বৈঠকত মিলিত হয়৷

পর্যালোচনা বৈঠকৰ অন্ততঃ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শক্তি বিভাগে ৰাজ্যখনত যিমান গ্রাহকক বিদ্যুৎ যোগান ধৰে, তাৰ বিপৰীতে প্রতিমাহে ৩০০ কোটি টকা ৰাজহ কমকৈ লাভ কৰি আহিছে৷ বিদ্যুৎ চুৰি, প্রকৃত বিদ্যুৎ বিল আদায় নিদিয়াৰ বাবেই প্রতিমাহে বিভাগটোৱে এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আহিছে৷ সোমবাৰৰ বৈঠকখনত শক্তি বিভাগৰ তিনিওটা কোম্পানীৰ লোকচান ৰোধ কৰাৰ লগতে সর্বসাধাৰণে যাতে অধিক বিদ্যুৎ বিল আদায় দিব নালাগে, সেই বিষয়ে আলোচনা কৰাৰ বিষয়ে জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিদ্যুৎ বিলৰ মাচুল শক্তি বিভাগৰ তিনিওটা কোম্পানীয়ে কৰা আয় আৰু ব্যয়ৰ ওপৰত নির্ধাৰিত হয়৷ যদি কোনো গ্রাহকে প্রকৃত বিদ্যুৎ বিল আদায় নিদিয়ে, বিদ্যুৎ পৰিষদে সেই বোজা সর্বসাধাৰণ ৰাইজলৈ ঠেলি দিয়ে৷ তেনে অৱস্থাত বিদ্যুৎ পৰিষদে অসম বিদ্যুৎ নিয়ামক আয়োগক তেওঁলোকৰ লোকচানৰ বিষয়ে অৱগত কৰি লোকচানৰ জোৰা মৰাৰ ব্যৱস্থা কৰিবলৈ আবেদন জনায়৷ ফলত নিয়মিত ৰূপত বিদ্যুৎ বিল আদায় দি অহা সৎ গ্রাহকসকলে চুৰি কৰা আৰু বিল আদায় নিদিয়া গ্রাহকসকলৰো বিদ্যুতৰ বিল আদায় দিবলগীয়াত পৰে৷ অর্থাৎ বিদ্যুৎ চুৰি আৰু প্রকৃত বিদ্যুতৰ বিল আদায় নিদিয়াসকলৰ বাবেই বিদ্যুৎ মাচুলৰ নিৰিখ বৃদ্ধি পায়৷ বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই এ পি ডি চি এলক বিদ্যুৎ বিল পৰিশোধ নকৰা গ্রাহকসকলৰ এটা প্রফাইল প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে৷ এই সংক্রান্তত চিমেণ্ট কোম্পানী আৰু অন্যান্য গুৰুত্বপূর্ণ গ্রাহকসকলৰ এখন তালিকা প্রস্তুত কৰি তেওঁলোকৰ উৎপাদন বা সেৱাসমূহৰ জি এছ টি ৰিটার্ন আৰু বিদ্যুতৰ বিলৰ সৈতে মিলাবলৈ নির্দেশ দিয়ে৷ এই কার্যই ব্যৱহূত বিদ্যুতৰ মুঠ পৰিমাণ আৰু ইয়াৰ বিপৰীতে পৰিশোধ কৰা বিদ্যুতৰ বিলৰ মাজত সামঞ্জস্য অনাত সহায় কৰিব৷

বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজহ সংগ্রহ হ্রাস আৰু ইয়াৰ ফলত হোৱা লোকচানত উদ্বেগ প্রকাশ কৰি বিদ্যুৎ কোম্পানীসমূহক ৰাজহ লোকচানৰ বাবে দায়ী কাৰণসমূহ চিনাক্ত কৰি সেইবোৰ দূৰ কৰাৰ ৰণনীতি প্রস্তুত কৰাৰ লগতে ৰাজহ উপার্জন আৰু লাভ বৃদ্ধিৰ উপায় অন্বেষণৰ বাবে উদ্ভাৱনীমূলক পদক্ষেপ হাতত ল’বলৈ নির্দেশ দিয়ে৷ অনাগত দিনত বিভাগটোৱে সৎ–নিষ্ঠাৱান কর্মচাৰীৰ সহযোগত বিভাগটো লাভজনক প্রতিষ্ঠানলৈ পৰিণত কৰিব পাৰিব বুলি আশা প্রকাশ কৰে৷ আজি গুজৰাট বিদ্যুৎ পৰিষদে তেওঁলোকৰ সফলতা সন্দর্ভত ৰাজ্যৰ শক্তি বিভাগৰ তিনিওটা কোম্পানীক এক পাৱাৰ প্রেজেণ্টেচন দিব বুলি জানিবলৈ দিয়ে৷ সোমবাৰৰ বৈঠকখনত শক্তিমন্ত্রী বিমল বৰা, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা, শক্তি বিভাগৰ প্রধান সচিব নীৰজ বার্মা, তিনিওটা বিদ্যুৎ কোম্পানীৰ পৰিচালন সঞ্চালকসকলৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

RELATED ARTICLES

RECENT ARTICLES