peepl-small

মুখত যদি MASK নাই, তেন্তে পকেটত ৰাখক ১০০০ টকা

PUBLISHED:

গুৱাহাটী: অসমত ক’ভিডৰ সংক্রমণ দ্রুত হাৰত বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকৰণে শনিবাৰে কেতবোৰ গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰে৷ সেই অনুসৰি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্রস্তুত কৰা এছ অ’ পি বিহু উদযাপন কমিটীসমূহে মানি চলিব লাগিব৷

এছ অ’ পি উলংঘা কৰা কমিটীসমূহৰ বিৰুদ্ধে আইন অনুযায়ী ব্যৱস্থা গ্রহণ কৰা হ’ব৷ এইক্ষেত্রত জিলা উপায়ুক্তসকলক তাৎক্ষণিকভাৱে বিহু কমিটীসমূহৰ লগত যোগাযোগ কৰি ব্যৱস্থা গ্রহণ কৰিবলৈ কোৱা হৈছে৷

আনহাতে, ঘৰৰ পৰা বাহিৰলৈ ওলাই আহোঁতে মাস্ক পৰিধান কৰাটো আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰা হৈছে৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা আৰু সামাজিক ব্যৱধান মানি নচলাসকলৰ বিৰুদ্ধে ১,০০০ টকা জৰিমনা বিহিবলৈ নির্দেশটোত উল্লেখ কৰা হৈছে৷

বিহু উদযাপন কমিটীসমূহে এছ অ’ পি অনুসৰি নিশা ১১ বজাৰ পাছত বিহুৰ অনুষ্ঠান সামৰাটো বাধ্যতামূলক৷ এছ অ’ পি উলংঘাকাৰীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাত আৰু দুর্যোগ প্রশমন এক্ট ২০০৫ৰ অধীনত গোচৰ ৰুজু কৰিবলৈও নির্দেশটোত কোৱা হৈছে৷

উল্লেখ্য যে বিহু উদযাপনৰ নামত ৰাজ্যখনত যাতে অধিক সংকটৰ সৃষ্টি নহয়, এই উদ্দেশ্যে দুর্যোগ প্রশমন প্রাধিকৰণে শনিবাৰে সকলো জিলা উপায়ুক্তলৈ এই নির্দেশনা জাৰি কৰে৷

ইফালে, অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙেও বিহু উদযাপন কমিটীসমূহক ৰাজ্য চৰকাৰৰ ক’ভিড বিধি অনুসৰি নিশা ১১ বজাৰ পাছত বিহুৰ অনুষ্ঠান সমাপ্ত কৰিবলৈ টুইটাৰযোগ আহ্বান জনাইছে৷ ক’ভিড বিধি উলংঘা কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আইন অনুযায়ী ব্যৱস্থা গ্রহণ কৰিব বুলিও সকীয়াই দিয়ে শীর্ষ আৰক্ষী বিষয়াজনে৷

RELATED ARTICLES