ৰংঘৰৰ বাকৰিৰ পৰা ঢ়োলৰ গুমগুমনিত সাৰ পাই উঠা ব’হাগে প্রতিধ্বনি তুলিছে শদিয়াৰ পৰা ধুবুৰীলৈ৷অসমীয়া পাহোৱাল ডেকাই চাঙৰ পৰা আদৰৰ ঢ়োলটো নমাই তালি–কোবিন পৰীক্ষা কৰিছে৷ বৰতি টানি টানি বিহুৰ পাগ তুলিবলৈ ঢ়োলৰ সুৰবন্ধন চাপৰ মাৰি মাৰি শুৱলা কৰিছে৷ দুদিনমানৰ পিছত অসমীয়া ডেকাৰ প্রাণচঞ্চল কৰিব পৰা এই ঢ়োলৰ চাপৰত নাচনীয়ে টাকুৰি ঘূৰাদি নাচিব৷ বৰপেৰাৰ পৰা উলিওৱা বুটাবছা ৰিহা–মেখেলা ৰ’দাই নাচনীজনীয়ে অধীৰ আগ্রহেৰে বাট চাইছে পথাৰৰ আঁহতজোপাৰ তললৈ যাবলৈ৷ য’ত নাচি নাচি কঁকালৰ খোঁচৰ পৰা ৰঙা ৰুমাল উলিয়াই কপালৰ ঘাম মচি নাচনীজনীয়ে সাঁচতিৰ গুৱাপাণ যাচিব ঢুলীয়া ডেকাটোক৷বিহুৰ দিনা নেঘেৰী খোপা জিলিকাই তুলিবলৈ ঠন ধৰা দেখনিয়াৰ কপৌ–তগৰবোৰ এতিয়াই চিনি থৈছে ঘৰ শুৱনি নাচনীজনীয়ে৷ বিহুৰ এনে উৎসাহৰ মাজত শিপিনীগৰাকী জানো বহি ৰ’ব? ঘৰৰ জ্যেষ্ঠ–কনিষ্ঠৰ লগতে মনৰ মানুহজনক এখন আদৰৰ বিহুৱান দিবলৈ তেৱোঁ তাঁতশালত বহিছে৷ ৰঙালীৰ আগমনত উথপথপ লগা মনত তাঁতশালত বহি শিপিনীয়ে গুণগুণাইছে– ‘ভৰি গৰকাতে/তই চেনাই আহিবি/এইবাৰ ব’হাগতে৷’
কলিজা ৰঙা সূতাৰ মাজেৰে বিজুলী তড়িৎ বেগেৰে মাকো ঘূৰাই শিপিনীগৰাকীয়ে ব’হাগৰ সপোন ৰচাত ব্যস্ত হৈ পৰিছে৷ ৰঙৰ উৎসৱ ৰঙালী বিহু ভোগৰো মাধ্যম হৈ পৰে৷ ব’হাগৰ ৰং আৰু ৰঙীন কৰি তুলিবলৈ আখলত ইতিমধ্যে ব্যস্ততা আৰম্ভ হৈছে৷ চোতালত ৰ’দাবলৈ দিয়া ধানৰ কেঁচা গোন্ধই আমোলমোলাইছে৷ ঢেঁকীশালত ঢ়েঁকীৰ শব্দই ৰজনজনাইছে৷ জুহাল সাজু হৈছে চিৰা–মুডী–হুৰুম ভাজিবলৈ, তিলপিঠা, তেলপিঠা, ঘিলাপিঠা পুৰিবলৈ৷ অসমীয়া গাঁৱৰ এনে চিৰন্তন পৰিৱেশৰ বিপৰীতে চহৰ–নগৰত দেখা গৈছে বিহুকেন্দ্রিক আন এক ব্যস্ততা৷সাংস্কৃতিক কেন্দ্রসমূহত চলিছে বিহুৰ আখৰা৷ বিহুনাচ, ঢ়োলবাদনৰ বিভিন্ন কর্মশালা৷ নগৰীয়া অসমীয়াই নিজ নিজ ল’ৰা–ছোৱালীক বিহুৰ সাজ পিন্ধাই আঙুলিৰ মূৰত ধৰি এনে কর্মশালাসমূহত বিহু নাচ শিক্ষণৰ বাবে লৈ গৈছে৷ গাঁৱত নাথাকিল বুলিয়ে নিজৰ প্রাণৰ বিহু সংস্কৃতি শিকোৱাৰ পৰা জানো অসমীয়া বিৰত থাকিব?
আনহাতে নগৰত এতিয়া পোহাৰ মেলিছে বিহুৰ বজাৰে৷ হাট–বজাৰত হৰেকৰকমৰ বিহু সামগ্রীৰ সম্ভাৰ৷ বৰাচাউল, আঢ়ৈচাউল, জহাচাউল, তিল, গুড়, দৈ, কণী আদি বিভিন্ন সামগ্রীৰ লগতে বিভিন্ন পিঠা–পনাৰে ভৰিছে নগৰৰ বজাৰ৷ নগৰৰ সৰু সৰু কাপোৰৰ বিপণীৰ পৰা ডাঙৰ ডাঙৰ মলসমূহত বিহুবলীয়া ৰাইজৰ বজাৰৰ ভিৰ৷ নিজ নিজ পছন্দৰ বিহুৰ সাজ বিচাৰি ৰাইজে চলাথ কৰিছে বজাৰ৷ মুঠৰ ওপৰত এতিয়া সকলোতে বিহুৰ ব্যস্ততা৷ তাৰ মাজত কুলীজনীৰ সুৰীয়া মাতৰ লগতে নাচনীৰ বিহুৰ গুণগুণনি– ‘আজি বিহু বিহু/কালি বিহু বিহু/নাহৰ ফুল ফুলিবৰ বতৰ৷’ বিহুৰ সময়ত মন উতলা নোহোৱা অসমীয়া হয়তো আজিৰ অসমত নাই৷ যাৰ বাবে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই গাইছিল– ‘ব’হাগ মাথোঁ এটি ঋতু নহয়/নহয় ব’হাগ এটি মাহ/অসমীয়া জাতিৰ ই আয়ুসৰেখা/গণজীৱনৰ ই সাহ৷’