peepl-small

আজৱ! মহানগৰীৰ ব্যৱসায়িক প্রতিষ্ঠানত পিপিই কীট পিন্ধি চোৰে চলালে লুটপাত

PUBLISHED:

গুৱাহাটী: মহামাৰী ক’ৰোনাৰ ভয়াৱহতাকো নেওচি মহানগৰীৰ বিভিন্ন স্থানত চোৰৰ দলে লুটপাত চলাই আহিছে৷ শেহতীয়াকৈ জালুকবাৰী আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক অংগুষ্ঠ প্রদর্শন কৰি পাঁচজনীয়া চোৰৰ দল এটাই মঙলবাৰে পুৱতি নিশা মালিগাঁৱৰ এখন ব্যৱসায়িক প্রতিষ্ঠানত লুটপাত চলায়৷

মঙলবাৰে নিশা প্রায় ১.৫০ বজাত জালুকবাৰী থানাৰ পৰা মাত্র ১০০ মিটাৰ দূৰত থকা মালিগাঁৱৰ ভৰালী ভেৰাইটী ষ্ট’ৰত চোৰৰ দলটোৱে লুটপাত চলাই কাঁহৰ বাচন–বর্তন, শৰাই, কছমেটিক সামগ্রীকে ধৰি বিভিন্ন সা–সামগ্রী আৰু নগদ ধন লুট কৰি নিয়ে৷ চিচি টিভিৰ কেমেৰাত স্পষ্টকৈ ৫জনীয়া চোৰৰ দলটোৱে চলোৱা লুটপাত বন্দী হৈছে৷

ঘটনা সন্দর্ভত দোকানখনৰ স্বত্বাধিকাৰী যুগল ভৰালীয়ে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰে৷ কিন্তু এতিয়ালৈকে জালুকবাৰী আৰক্ষীয়ে চোৰৰ দলটোৰ কোনো শুং–সূত্র উলিয়াব পৰা নাই৷ লক্ষণীয় বিষয়টো হৈছে যে ক’ৰোনাৰ পৰা হাত সাৰিবলৈ চোৰৰ দলটোৱে পিপিই কিট পৰিধান কৰি লুটপাত চলাইছিল৷

RELATED ARTICLES