peepl-small

৩ হাজাৰ কোটি টকাৰে অসম মালাৰ অধীনত নির্মাণ হ’ব ছটা পথ

PUBLISHED:

গুৱাহাটী: অসম মালা আঁচনিৰ অধীনত ৩,০০০ কোটি টকাৰে ৰাজ্যৰ ৬টা পথৰ কাম আৰম্ভ হ’ব৷ আজি এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত লোকনির্মাণ বিভাগৰ কার্যালয়ত অনুষ্ঠিত এক পর্যালোচনা বৈঠকত এই কথা ঘোষণা কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ মুখ্যতঃ ব্রহ্মপুত্রৰ ওপৰত গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী নির্মীয়মাণ দলঙৰ কাম–কাজৰ অগ্রগতিৰ লগতে পলাশবাৰী–শুৱালকুছ্ সংযোগী প্রস্তাৱিত দলঙৰ প্রাৰম্ভিক কাম–কাজৰ পর্যালোচনা কৰাৰ বাবে অনুষ্ঠিত এই বৈঠকত অসম মালা আঁচনিৰ কাম–কাজৰ লগতে লোকনির্মাণ বিভাগৰ (পথ) মুখ্য অভিযন্তা দিলীপ হাজৰিকাই দলং দুখনৰ কাম–কাজ সম্পর্কে বিস্তৃত তথ্য দাঙি ধৰে মুখ্যমন্ত্রী ড০ শর্মাক৷

উল্লেখ্য যে বিগত বর্ষত আৰম্ভ হোৱা গুৱাহাটী–উত্তৰ গুৱাহাটী দলঙৰ কাম তীব্র গতিত চলি আছে৷ বুধবাৰে বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক অৱগত কৰি কয়– গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ ৩৭ শতাংশ কাম সম্পূর্ণ হৈছে৷ সেই অনুসৰি দলংখনৰ কাম প্রায় দুমাহ আগবাঢ়ি আছে৷ আগষ্ট মাহত হ’ব লগা কাম জুন মাহতে সম্পূর্ণ হৈছে৷ এনেধৰণে চলি থাকিলে দলংখন ২০২৩ চনৰ মার্চ মাহত উদ্বোধন কৰিব পৰা যাব৷ আনহাতে, ব্রহ্মপুত্রৰ ওপৰত নির্মাণ হ’ব লগা পলাশবাৰী–শুৱালকুছ্ সংযোগী দলংখনৰ এলাইনমেণ্ট বুধবাৰে চূড়ান্ত কৰা হয়৷ তদুপৰি দলংখনৰ প্রজেক্ট প্রস্তুতৰ সময়ত চাৰিলেনযুক্ত কৰাৰ বাবে আজি চূড়ান্ত কৰা হয় আৰু জুলাইত দলংখনৰ নিবিদাৰ কাম আৰম্ভ হ’ব৷

অসম মালা আঁচনি সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে অসম মালাৰ অধীনত ৩,০০০ কোটি টকাৰে ৬টা পথৰ কাম অচিৰেই আৰম্ভ কৰা হ’ব৷ ইতিমধ্যে পথকেইটাৰ বাবে নিবিদা আহ্বান কৰা হৈছে৷ অসম মালাৰ অধীনত ৪৪ কিলোমিটাৰ পথৰ কাম সম্পূর্ণ হোৱাৰ কথাও আজি মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ ইয়াৰ পূর্বে পর্যালোচনা বৈঠকত ব্রহ্মপুত্রৰ ওপৰত হ’ব লগা গুৱাহাটী–উত্তৰ গুৱাহাটী আৰু পলাশবাৰী–শুৱালকুছী দলং দুখনৰ নির্মাণ সন্দর্ভত আলোচনা হয়৷ দলং দুখনৰ ওপৰত যুগুতোৱা এক বিস্তৃত প্রেজেণ্টেচনো লোকনির্মাণ বিভাগে মুখ্যমন্ত্রীৰ ওচৰত দাঙি ধৰে৷

মুখ্যমন্ত্রীয়ে পলাশবাৰী–শুৱালকুছ্ দলঙৰ প্রকল্প শীঘ্রে প্রস্তুত কৰি তুলিবলৈ নির্দেশ দিয়াৰ লগতে দলং দুখন নির্মাণৰ বাবে যাতে কোনো বাধাৰ সৃষ্টি নহয়, সেয়া নিশ্চিত কৰিবলৈ বিভাগক নির্দেশ দিয়ে৷ এই বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই লখিমপুৰৰ ঘুনাসুঁতিৰ ওপৰত আৰু পাগলাদিয়া নৈৰ ওপৰত কুমাৰীকাটা–জালাহ সংযোগী দলং দুখনৰ প্রকল্প প্রতিবেদন শীঘ্রে প্রস্তুত কৰাৰ বাবেও আজি বিভাগক নির্দেশ দিয়ে৷ আজি বৈঠকত সাংসদ পল্লৱলোচন দাস, লোকনির্মাণ (পথ) বিভাগৰ আয়ুক্ত, বিশেষ সচিব ৰাজেশ কেম্প্রাই, মুখ্য অভিযন্তা দিলীপ হাজৰিকাৰ লগতে কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷

RELATED ARTICLES

RECENT ARTICLES