peepl-small

হত্যা নে সেনাৰ জিম্মাত অপহূত ৰিতুল? ৰিতুল শইকীয়া এতিয়াও সন্ধানহীন হৈ থকাক লৈ গভীৰ ৰহস্য !

PUBLISHED:

  • সংবাদ মাধ্যমলৈ বিবৃতি প্রেৰণ কৰি আলফাৰ দাবী– সেনা–নাগালেণ্ড আৰক্ষীৰে একাধিকবাৰ সংঘর্ষৰ মাজতে অ’এনজিচিৰ তিনি অপহূত বিষয়া–কর্মচাৰীক এৰি দিছিল মন জিলাৰ টকক ছিংথু গাঁৱত
  • ৰিতুল শইকীয়া অভিযানকাৰী দলৰ গুলীত নিহত অথবা লুকুৱাই ৰখাৰ সন্দেহ

গুৱাহাটীঃ  আলফা (স্বাধীন)ৰ দ্বাৰা অপহূত অ’ এন জি চিৰ তিনি বিষয়া–কর্মচাৰীৰ ভিতৰত অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক সেনা–আৰক্ষীয়ে নাগালেণ্ডৰ মন জিলাৰ দুর্গম স্থানত অভিযান চলাই উদ্ধাৰ কৰাৰ বিপৰীতে আন এজন অপহূত ৰিতুল শইকীয়া এতিয়াও সন্ধানহীন হৈ থকাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷

বিশেষকৈ সশস্ত্র সংগঠনটোৱে আজি এক বিবৃতিত তিনি অপহূতক জীৱনৰ নিৰাপত্তাৰ স্বার্থত শুকুৰবাৰে নিশা নাগালেণ্ডৰ মন জিলাৰ টকক চিংথু গাঁৱত এৰি দিয়াৰ কথা সদৰী কৰে৷ একেটা বিবৃতিতে আলফা (স্বাধীন)–এ সন্ধানহীন ৰিতুল শইকীয়া সন্দর্ভত দাঙি ধৰা ভাষ্যই সম্প্রতি তীব্র উৎকণ্ঠাৰ সৃষ্টি কৰিছে৷

বিবৃতিটোত সন্দেহ কৰা মতে সেনা–আৰক্ষীৰ যৌথ অভিযানকাৰী দলে দুজন অপহূতক উদ্ধাৰ কৰাৰ বিপৰীতে আৰু আনজন অপহূত ৰিতুল শইকীয়া সেনাৰ গুলীত মৃত্যুমুখত পৰিছে৷ অন্যথা সেনা–আৰক্ষীয়ে উদ্দেশ্যপ্রণোদিতভাৱে ৰিতুল শইকীয়াক লুকুৱাই ৰাখিছে বুলিও আলফাই আশংকা কৰে৷

আলফাই প্রকাশ কৰা এই চাঞ্চল্যকৰ বিবৃতিটোৰ পিছতো সমগ্র বিষয়টো অধিক ৰহস্যাবৃত হৈ পৰিছে৷ কিয়নো আলফাৰ প্রচাৰ বিভাগৰ সদস্য কেপ্ঢেইন ৰুমেল অসমে বিবৃতিযোগে অ’ এন জি চিৰ তিনি কর্মচাৰী অলকেশ শইকীয়া, মোহিনী মোহন গগৈ আৰু ৰিতুল শইকীয়াক শুকুৰবাৰে নিশা মন জিলাৰ টিকক চিংথু গাঁৱত ৰাইজৰ হাতত গতাই দিয়া বুলি দাবী কৰাৰ পিছতে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই এই বিষয়ে অসম আৰক্ষীৰ হাতত কোনো তথ্য নাই বুলি দাবী কৰে৷

শনিবাৰে পুৱতিনিশা নাগালেণ্ডত ভাৰতীয় সেনা আৰু আৰক্ষীৰ অভিযানত অ’ এন জি চিৰ অপহূত মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক উদ্ধাৰ কৰা বুলি সংবাদ মাধ্যমে প্রচাৰ কৰে৷ কিন্তু শনিবাৰে শিৱসাগৰত এখন সংবাদ মেল সম্বোধন কৰি আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই অসম আৰক্ষীৰ ওচৰত এই বিষয়ে কোনো তথ্য নাই বুলি প্রকাশ কৰে৷

ইয়াৰ পিছত সমগ্র বিষয়টো অধিক ৰহস্যঘন হৈ পৰে৷ প্রকৃততে আলফাই তিনি অপহূতক টিকক চিংথু গাঁৱত এৰি দিলে নে, সেনা আৰক্ষী আৰু আলফাৰ মাজত হোৱা সংঘর্ষত মৃত্যু হ’ল নে ঘন জংঘলত নিখোজ হৈ পৰে নে তেওঁলোক সেনা–আৰক্ষীৰ জিম্মাত আছে তাকে লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে আলফাই বিবৃতিটোত সমগ্র ঘটনাৰ বাবে মূলতে অ’ এন জি চিক জগৰীয়া কৰে আৰু অনাগত দিনত ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিবলৈ সাজু থাকক বুলি সকীয়াই দিয়ে৷

সংবাদ মাধ্যমলৈ প্রেৰণ কৰা বিবৃতিটোত আলফাৰ প্রচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে কয়– ‘অ’ এন জি চিৰ তিনিজন বিষয়া মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক আলফা (স্বাঃ) আৰু এন এছ চি এনে নিজৰ তত্ত্বাৱধানত লোৱাৰ পিছত অ’ এন জি চিয়ে ভাৰতীয় সেনাৰ ৭৩নং ব্রিগেড, ৩৫নং আছাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে সন্মিলিতভাৱে প্রায় পাঁচ শতাধিক নিৰাপত্তাৰক্ষীৰ দ্বাৰা তিনিওজন বিষয়াক মুকলি কৰি নিবলৈ চেষ্টা চলায়৷ সন্মিলিত বাহিনীয়ে শুকুৰবাৰে নিশা ১০ বজাৰ পৰা ২.৩০ বজালৈ উদ্ধাৰৰ চেষ্টা চলায়৷ এনে পৰিস্থিতিত সন্মিলিত নিৰাপত্তা বাহিনী আৰু আলফাৰ মাজত একাধিকবাৰ সংঘর্ষৰ সূত্রপাত হয়৷ যাৰ ফলত আমাৰ সদস্যসকলে অ’ এন জি চিৰ তিনিওজন বিষয়াক জীৱনৰ নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখি সুস্থ অৱস্থাত নাগালেণ্ডৰ মন জিলাৰ টিকক চিংথু নামৰ গাঁৱত গঞা ৰাইজৰ তত্ত্বাৱধানত থৈ আমাৰ গন্তব্য স্থানলৈ অগ্রসৰ হয়৷ এই কথা সন্মিলিত বাহিনীয়ে সম্পূর্ণৰূপে অৱগত হৈও কেৱল আলফাক জনমানসত হেয় প্রতিপন্ন কৰোৱাবলৈ উদ্দেশ্যপ্রণোদিতভাৱে তাৰ ঠিক কেইমুহূর্তমান পিছতেই উক্ত স্থানত গুলীবর্ষণ কৰিবলৈ ধৰে৷

আনহাতে, সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সেই গাঁৱৰ পৰা দুজন বিষয়া মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক সেনাবাহিনী আৰু নাগালেণ্ডৰ আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও ৰিতুল শকীয়াৰ কোনো তথ্য সেনাই প্রকাশ কৰা নাই৷ সেয়েহে আমাৰ সন্দেহ হয় যে সেনাৰ গুলীত হয়তো ৰিতুল শইকীয়া মৃত্যুমুখত পৰিছে অথবা সেনা–আৰক্ষীয়ে উদ্দেশ্যপ্রণোদিতভাৱে তেওঁক লুকুৱাই ৰাখিছে৷’

আলফাৰ এই বিবৃতিটোৰ পিছতে সেনা, আৰক্ষীৰ ভূমিকাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷ বিশেষকৈ আলফাই সেনাৰ গুলীত ৰিতুল শইকীয়াৰ মৃত্যু হোৱা বুলি দিয়া ইংগিতে সম্প্রতি সমগ্র বিষয়টোক লৈ উৎকণ্ঠা অধিক তীব্রতৰ কৰি তুলিছে৷

প্রশ্ন উঠিছে– প্রকৃততে ৰিতুল শইকীয়াৰ আলফাই সন্দেহ কৰা ধৰণে সেনাৰ গুলীত মৃত্যু হৈছে নে সঁচাকৈ তেওঁক উদ্দেশ্যপ্রণোদিতভাৱে ক’ৰবাত লুকুৱাই ৰাখিছে৷

বিবৃতিটোত ৰুমেল অসমে লগতে কয়– ‘ইয়াৰ দ্বাৰা আমি অসমবাসীক জনাওঁ যে এই অনাকাংক্ষিত ঘটনাৰ বাবে আলফা (স্বাঃ) আৰু এন এছ চি এন দায়ী নহয়৷’ আলফাৰ এই বিবৃতি সন্দর্ভত সেনাবাহিনীৰ তৰফৰ পৰা বর্তমানলৈকে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও এইক্ষেত্রত আলফাৰ ভূমিকাও সন্দেহৰ ঊর্ধ্বত নহয়৷ অ’ এন জি চিৰ তিনি কর্মচাৰীক অপহৰণৰ চাৰি দিন পিছতো ইয়াৰ দায়িত্ব স্বীকাৰ নকৰাকৈ আৰু বিশেষকৈ ৰিতুল শইকীয়া বর্তমানো নিখোজ হৈ থকাত কর্মচাৰীজনৰ পৰিয়ালবর্গ আৰু বৰহোলাৰ ৰাইজে আলফাৰ ভূমিকাক সহজভাৱে ল’ব পৰা নাই৷

প্রকৃততে নিখোজ হৈ থকা ৰিতুল শইকীয়া আলফাৰ গুলীত নে সেনা–আৰক্ষীৰ গুলীত মৃত্যুমুখত পৰিছে তাকে লৈ সমগ্র ঘটনাটো সন্দর্ভত বর্তমান ৰহস্যৰ সৃষ্টি হৈছে৷ কিয়নো আলফাৰ হাতত মৃত্যু হোৱাৰ পিছত নিজৰ দোষ ঢ়াকিবলৈ সশস্ত্র সংগঠনটোৱে সমস্ত দায় সেনা আৰু আৰক্ষীৰ ওপৰত জাপি দিব বিচাৰিছে নেকি বুলিও প্রশ্ন উত্থাপন হৈছে আজি ৰুমেল অসমে নাটকীয়ভাৱে প্রকাশ কৰা বিবৃতিটোৰ পিছতে৷ আলফাৰ এই বিবৃতিৰ পিছতে ৰিতুল শইকীয়াৰ পৰিয়ালৰ লোক আৰু আত্মীয়–স্বজনৰ মাজত হাহাকাৰ লাগে৷

যোৰহাট জিলাৰ তিতাবৰ বৰহোলা নিৱাসী ৰিতুল শইকীয়া নিখোজ হৈ থকা ঘটনাই পৰিয়ালবর্গৰ লগতে ৰাজ্যবাসীক শোকাভিভূত কৰি তুলিছে৷ ৰিতুল শইকীয়াক উদ্ধাৰ কৰিবলৈ সেনা–আৰক্ষীক আহ্বান জনোৱাৰ লগতে আলফাৰ জিম্মাত যদি আছে তেন্তে শীঘ্রে মুক্তি দিবলৈ সকলোৱে দাবী জনাইছে৷

RELATED ARTICLES