peepl-small

অপহৰণকাৰীৰ কবলত কি অভিজ্ঞতা হৈছিল ৰিতুল শইকীয়াৰ? পঢ়ক সবিশেষ বৰ্ণনা

PUBLISHED:

গুৱাহাটীঃ অৱশেষত সোঁশৰীৰে মুকলি কৰি দিয়া হ’ল আলফা (স্বাধীন)-ৰ দ্বাৰা অপহৃত অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক। শইকীয়াৰ মুক্তিৰ লগে লগে স্বস্তিৰ নিশ্বাস পেলালে কণমানি সন্তানটিক বুকুত সাৱটি অপেক্ষা কৰি থকা ৰিতুলৰ পত্নী আৰু পিতৃ-মাতৃয়ে। এমাহ ধৰি অনিশ্চয়তা, ভয়-শংকাত দিন কটোৱা পৰিয়ালটোলৈ আজি আহিল আশাৰ ৰেঙণি।

বৃহস্পতিবাৰে অপহৰণকাৰীৰ কবলৰ পৰা মুক্ত হৈ ৰিতুলে নিউজ লাইভৰ সাংবাদিক ৰফিক আহমেদ আৰু কেমেৰাপাৰ্চন হিমাংশু নেওগৰ সন্মুখত প্ৰকাশ কৰে সমগ্ৰ ঘটনাক্ৰমৰ বৰ্ণনা।

২১ এপ্ৰিলৰ নিশা প্ৰায় আঢ়ৈ বজাত পাঁচজনীয়া দল এটাই অপহৰণ কৰি নিছিল ৰিতুলৰ লগতে তেওঁৰ দুই সতীৰ্থক। ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী নাগালেণ্ডৰ মন জিলাত নিৰাপত্তাৰক্ষী আৰু অপহৰণকাৰী দলৰ মাজত হোৱা সংঘৰ্ষৰ পাছত অ’এনজিচিৰ আন দুগৰাকী কৰ্মচাৰী অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰ কৰা হৈছিল যদিও আলফা স্বাধীনৰ দলটোৰ জিম্মাতে থাকি যায় ৰিতুল শইকীয়া।

এই সময়ছোৱাত অপহৰণকাৰী দলটোৱে ভাল ব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰে অপহৃত কৰ্মচাৰীগৰাকীয়ে।

তেওঁ কয় — “মোক পাহাৰৰ মাজতে ৰাখিছিল। পাহাৰতে থাকিছিলোঁ। খোৱাবোৱা তেওঁলোকে বনাই দিয়ে, কেতিয়াবা লৈও আহে….তাৰ পৰা আহোঁতে মোক তিনিদিন মান লাগিছিল।… তেওঁলোকে মোক দুহেজাৰ টকা দিছিল। কাৰণ মোৰ হাতত এটকাও নাছিল।”

উল্লেখ্য যে ৰিতুলৰ পুত্ৰ সন্তানটিৰ অন্নপ্ৰাসন্নৰ এদিন পূৰ্বেই এই চাঞ্চল্যকৰ অপহৰণকাণ্ড সংঘটিত হৈছিল। তেনে পৰিস্থিতিত তেওঁ ভাগি পৰিছিল বুলি জনায়।

আনহাতে তেওঁক উদ্ধাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ বাবে ড০ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে অ’এনজিচিৰ কৰ্মচাৰীগৰাকীয়ে।

“নতুন মুখ্যমন্ত্ৰীক মই বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ ইমানখিনি সহায় কৰা বুলি মই এতিয়া শুনিছোঁহে। আগতে মই যিহেতু টিভি চাবলৈ বা নিউজ শুনিবলৈ পোৱা নাছিলোঁ। কিন্তু আজি শুনি বহুত ভাল লাগিছে।”

RELATED ARTICLES