peepl-small

চৰকাৰৰ ক’ভিড সম্পৰ্কীয় সিদ্ধান্তক অবৈধ আখ্যাৰে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ ৰিপুণ বৰা

PUBLISHED:

গুৱাহাটীঃ ক’ভিড নিয়ন্ত্ৰণ আৰু আক্ৰান্ত ব্যক্তিক চিকিৎসাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক অবৈধ বুলি দাবী কৰি ৰিপুণ বৰাৰ নেতৃত্বত কংগ্ৰেছ দলে কাষ চাপিল নিৰ্বাচন আয়োগৰ।

ক’ভিড মহামাৰী নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগে লোৱা পদক্ষেপ বন্ধ কৰিবৰ বাবে নিৰ্বাচন আয়োগক স্মাৰকপত্ৰ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ। ৰিপুণ বৰাৰ মতে স্বাস্থ্যমন্ত্ৰী ক’ভিড সম্পৰ্কীয় সিদ্ধান্ত ল’ব নালাগে। কেৱল চৰকাৰী বিষয়া-আমোলাইহে এনে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে।

ইপিনে ৰিপুণ বৰাৰ এনে কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিথে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই। হাজৰিকাৰ মন্তব্য-ৰিপুণ বৰাই কওক যে অসমৰ মানুহ মৰি যাওক, ২ তাৰিখলৈকে একো কৰিব নালাগে। আমি অসমৰ ৰাইজক বচাবলৈকে দায়িত্ব পালন কৰিছোঁ।

RELATED ARTICLES