peepl-small

মুখ্যমন্ত্ৰী হ’বলৈ মন ৰিপুণ বৰাৰ

PUBLISHED:

গুৱাহাটীঃ গহপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাৰ মন মুখ্যমন্ত্ৰী হ’বলৈ। প্ৰত্যাহ্বান ল’বলৈ তেওঁ ভাল পায়। মুখ্যমন্ত্ৰী হ’বলৈ নিবিচৰাটো পলৰীয়া স্বভাৱ বা দুৰ্বলতাৰ পৰিচায়ক বুলি দেওবাৰে মন্তব্য কৰে বৰাই।

“নিশ্চিতভাৱে। যদি মই ইচ্ছুক নহওঁ বুলি কওঁ সেয়া মোৰ দুৰ্বলতা বা মই পলৰীয়া। প্ৰত্যাহ্বানমূলক কাম ল’বলৈ মই ইচ্ছুক আছোঁ। মুখ্যমন্ত্ৰী হ’বলৈ আমি সকলো উপযুক্ত।”-এনেদৰে প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

যদিও মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি ৰিপুণ বৰাই গহপুৰত প্ৰচাৰ চলাইছে, তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ উৎপল বৰাৰ মতে প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে গহপুৰত প্ৰচাৰ কৰি অহা ৰিপুণ বৰাৰ কোনো প্ৰভাৱ নাই সমষ্টিটোত।

উৎপল বৰাই কয়-“ৰাইজৰ যি বিপুল সঁহাৰি দেখা পাইছোঁ, তাৰ পৰা ক’ব পাৰি যি এইবাৰ ৰিপুণ বৰা ডাঙৰীয়াই গহপুৰত স্থিতি ল’ব নোৱাৰিব।”

RELATED ARTICLES