peepl-small

ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰীত ব্যাপক নিৰ্বাচনী প্ৰচাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ

PUBLISHED:

গুৱাহাটী: ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ। মঙলবাৰে সমষ্টিটোত  নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। পূব শুৱালকুছিৰ এখন জনসভাত অংশগ্ৰহণ কৰে ৰিণিকি ভূঞা শৰ্মাই। শুৱালকুছিবাসীয়ে গায়ন-বায়ন, ঢোলে-ডগৰে আদৰি আনে সমষ্টিটোৰ বিশিষ্ট সমাজসেৱীগৰাকীক।

পূব শুৱালকুছি, মধ্য শুৱালকুছিৰ লগতে বংশৰ, দদৰা, শিঙিমাৰীতো নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৰিণিকি ভূঞা শৰ্মাই।

বিশিষ্ট সমাজসেৱিকাগৰাকীয়ে কয়- ‘সকলোৱে গম পাইছে যে ড০ হিমন্ত বিশ্ব শৰ্মাই আকৌ জালুকবাৰীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আৰু এই নিৰ্বাচনী প্ৰচাৰত ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ যোৱা ২০ টা বছৰে মই নিৰ্বাচনী সভা কৰি আহি আছো। লগতে ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৩০টা বছৰে দিন-ৰাতি একাকাৰ কৰি এই অঞ্চলটোক কেনেকৈ আগুৱাই নিব পাৰি, এই অঞ্চলটোৰ কাম-কাজ কৰিব পাৰি, তাকে লৈ ব্যস্ত থাকে। এই অঞ্চলৰ যুৱক, মহিলা তথা প্ৰত্যেকজন ব্যক্তিক বিভিন্ন ধৰণৰ আঁচনিত অন্তৰ্ভুক্ত কৰি আগবঢ়াই লৈ গৈ আছে আৰু আগন্তুক দিনতো এনেদৰে কাম কৰি গৈ থাকিব।’

উল্লেখ্য যে  জালুকবাৰী সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ১৯ মার্চত মনোনয়ন–পত্র দাখিল কৰিব৷ সমষ্টিটোৰ দলীয় সূত্রৰ পৰা জানিব পৰা মতে, অসমৰ ৰাজনৈতিক ইতিহাসত এক নজিৰ সৃষ্টি কৰি বিশাল সমর্থকৰ উপস্থিতিৰ মাজেৰে শোভাযাত্রা কৰি বিধায়কগৰাকীয়ে বিজেপি মিত্রজোঁটৰ মনোনীত প্রার্থী হিচাপে গুৱাহাটী মহানগৰৰ নির্বাচনী বিষয়াৰ হাতত মনোনয়ন–পত্র দাখিল কৰিব৷

সমর্থকসকল সোণাৰাম খেলপথাৰ তথা ভূতনাথত সমৱেত হৈ পিছত শোভাযাত্রাৰে কাছাৰীলৈ যাব৷ ইতিমধ্যে জালুকবাৰী সমষ্টিৰ বিজেপিৰ বেজেৰা মণ্ডলৰ ৭খন পঞ্চায়ত আৰু শুৱালকুছি মণ্ডলৰ আঠখন পঞ্চায়তৰ মুখ্য নির্বাচনী কার্যালয়সমূহত ১৯ মার্চত মন্ত্রী ড০ শর্মাৰ মনোনয়নক লৈ ব্যাপক প্রস্তুতি চলাই থকা হৈছে৷ উল্লেখ্য যে মানুহ অনাৰ বাবে একোটা পঞ্চায়তত কমেও ১৫/২০খনকৈ বাছ যোগানৰ ব্যৱস্থা কৰা হৈছে৷

RELATED ARTICLES