peepl-small

ধানৰ বজাৰ বিচাৰি কৃষকৰ হাহাকাৰঃ পঞ্জাবৰ পৰা কিনিলে ১৩৫ লাখ মেট্রিকটন, অসমত ক্রয় মাত্র ০.৬৯ লাখ মেট্রিকটনহে

PUBLISHED:

গুৱাহাটীঃ  অসমৰ ২৭ লাখ কৃষকৰ সন্মুখত এতিয়া ঘনঘোৰ অন্ধকাৰ৷ এহাতে ৰাজ্যত লকডাউনসদৃশ পৰিস্থিতি, আনহাতে উৎপাদিত ধানৰ বজাৰ বিচাৰি হায়ৰাণ কৃষক৷ কৃষি বিভাগে ক’ৰোনাসৃষ্ট পৰিস্থিতিত কৃষকক সকাহ দিবলৈ জিলাই জিলাই সমিতি গঠন কৰিছে যদিও সকলো ফুটুকাৰ ফেন হৈ পৰিছে৷ বাৰো ধানৰ অভিলেখসংখ্যক উৎপাদন কৰিও অসমৰ কৃষক ৰাইজে আজিও ধান বেচিবলৈ উপযুক্ত বজাৰ পোৱা নাই৷ একে সময়তে কিন্তু আন ৰাজ্যৰ কৃষকৰ পৰা ধান ক্রয় কৰি ভাৰতীয় খাদ্য নিগমে বছৰি অভিলেখ ৰচনা কৰি গৈছে৷

কেন্দ্রীয় চৰকাৰৰ গ্রাহক পৰিক্রমা মন্ত্রালয়ৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ শেহতীয়া বুলেটিনত এই বৈষম্য স্পষ্ট হৈ পৰিছে৷ বিগত মে’ মাহত প্রকাশিত বুলেটিন অনুসৰি চলিত খাৰিফ ছিজনত ভাৰতীয় খাদ্য নিগমে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৩০ এপ্রিল পর্যন্ত মুঠ ৪৮১.৪১ লাখ মেট্রিকটন ধান ক্রয় কৰিছে৷ ইয়াৰ বিপৰীতে অসমৰ পৰা ক্রয় কৰিছে মাত্র ০.৬৯ লাখ মেট্রিকটন ধান৷

উল্লেখ্য যে ২০২০ চনৰ অক্টোবৰ মাহৰ পৰা ২০২১ চনৰ ছেপ্ঢম্বৰ মাহলৈ ভাৰতীয় খাদ্য নিগমৰ খাৰিফ শস্য ক্রয়ৰ বতৰ চলি আছে৷ অসমতো ২৬টা কেন্দ্রৰ জৰিয়তে এফ চি আয়ে ধান ক্রয় অব্যাহত ৰাখিছে৷ ধান ক্রয় প্রক্রিয়া বর্তমান লকডাউনসদৃশ পৰিস্থিতিৰ বাবে প্রায় বন্ধ হৈ পৰিছে৷ কিন্তু অক্টোবৰৰ পৰা এপ্রিল পর্যন্ত ভাৰতীয় খাদ্য নিগমে অসমৰ ধান ক্রয় কৰাৰ ক্ষেত্রত যি বৈষম্যমূলক আচৰণ দেখুৱালে, তাৰ পৰাই সংস্থাটোৰ অসমবিদ্বেষী মনোভাব প্রকট হৈ পৰিছে৷ এই সময়ছোৱাত খাদ্য নিগমে পঞ্জাবৰ পৰা ১৩৫.৯ লাখ মেট্রিকটন, তেলেংগানাৰ পৰা ৩৫.২৫ লাখ মেট্রিকটন, অন্ধ্রপ্রদেশৰ পৰা ৩৩.৫৩ লাখ মেট্রিকটন, ছত্তিশগড়ৰ পৰা ৩৯.৭৬ লাখ মেট্রিকটন, হাৰিয়ানাৰ পৰা ৩৭.৮৯ লাখ মেট্রিকটন, মধ্যপ্রদেশৰ পৰা ২৪.৯৭ লাখ মেট্রিকটন, ওড়িশাৰ পৰা ৪২.৮ লাখ মেট্রিকটন, তামিলনাডুৰ পৰা ২০.৬ লাখ মেট্রিকটন, উত্তৰ প্রদেশৰ পৰা ৪৪.৭৮ লাখ মেট্রিকটন আৰু পশ্চিমবংগৰ পৰা ১৫.৫১ লাখ মেট্রিকটন ধান ক্রয় কৰিছে৷

পৰিসংখ্যাই উন্মোচন কৰিছে অসমৰ কৃষকৰ প্রতি কেন্দ্রীয় সংস্থাটোৰ বৈষম্যমূলক মনোভাব৷ এই বৈষম্য কেৱল চলিত খাৰিফ ছিজনতে হোৱা নাই৷ বিগত ২০১৯–২০ বর্ষত অসমৰ কৃষকে মুঠ ধান উৎপাদন কৰিছিল ৯৫.২৭ লাখ মেট্রিকটন৷ লাখ লাখ কৃষকে তেজ–ঘাম একাকাৰ কৰি উৎপাদনৰ এই অভিলেখ গঢ়িছিল৷ সামগ্রিকভাৱে ২০১৯–২০ বর্ষত এফ চি আয়ে সমগ্র দেশৰ পৰা ৫১৯.৯ লাখ মেট্রিকটন ধান ক্রয় কৰি নিজেও এক অভিলেখৰ গৰাকী হৈছিল৷ কিন্তু একেটা বছৰত সংস্থাটোৱে অসমৰ পৰা ক্রয় কৰে মাত্র ২.১১ লাখ মেট্রিকটন ধান৷

ইয়াৰ বিপৰীতে পঞ্জাবৰ পৰা ১০৮.৭৬ লাখ মেট্রিকটন, তেলেংগানাৰ পৰা ৭৪.৫৪ লাখ মেট্রিকটন, অন্ধ্রপ্রদেশৰ পৰা ৫৫.৩২ লাখ মেট্রিকটন, হাৰিয়ানাৰ পৰা ৪৩.০৭ লাখ মেট্রিকটন, ওড়িশাৰ পৰা ৪৭.৯৮ লাখ মেট্রিকটন, উত্তৰ প্রদেশৰ পৰা ৩৭.৯০ লাখ মেট্রিকটন আৰু পশ্চিমবংগৰ পৰা ১৮.৩৮ লাখ মেট্রিকটন ধান ক্রয় কৰিছিল৷ ২০১৯–২০ বর্ষত অসমৰ মাত্র ১৬ হাজাৰ কৃষকেহে নূ্যনতম সমর্থন মূল্যৰ বিনিময়ত ভাৰতীয় খাদ্য নিগমক ধান বিক্রী কৰিবলৈ সক্ষম হৈছিল৷ অনুৰূপ বৈষম্য দেখা গৈছিল ২০১৮–১৯ বর্ষতো৷ সেই বর্ষত ভাৰতীয় খাদ্য নিগমে সমগ্র দেশৰ পৰা ৪৪৩.৯৯ লাখ মেট্রিকটন ধান ক্রয় কৰাৰ বিপৰতে অসমৰ পৰা কিনিছিল মাত্র ১.০১ লাখ মেট্রিকটন৷

একেটা বছৰত দেশৰ অন্য ৰাজ্যৰ পৰা এফ চি আয়ে ক্রয় কৰা ধানৰ পৰিমাণ হ’ল পঞ্জাব ১১৩.৩৪ লাখ মেট্রিকটন, তেলেংগানা ৫১.৯০ লাখ মেট্রিকটন, অন্ধ্রপ্রদেশ ৪৮.০৬ লাখ মেট্রিকটন, হাৰিয়ানা ৩৯.৪২ লাখ মেট্রিকটন, ছত্তিশগড় ৩৯.৭১ লাখ মেট্রিকটন, ওড়িশা ৪৪.৪৮ লাখ মেট্রিকটন, উত্তৰ প্রদেশ ৩২.৩৩ লাখ মেট্রিকটন আৰু পশ্চিমবংগ ১৯.৭৯ লাখ মেট্রিকটন৷ আটাইবোৰ পৰিসংখ্যাৰ পৰা এটা কথা জলজল–পটপটকৈ ওলাই পৰে যে ভাৰতীয় খাদ্য নিগমে অসমৰ কৃষকক সদায়ে মাহীআইৰ চকুৰে চাই আহিছে৷ অসমৰ কৃষকৰ পৰা ধান ক্রয় কৰাৰ ক্ষেত্রত সংস্থাটোৰ চৰম অনীহা এইবাৰ আকৌ স্পষ্ট হৈ পৰিছে৷

খাৰিফ শস্য ক্রয়ৰ বতৰ অন্ত পৰিবলৈ আৰু মাত্র চাৰিটা মাহ বাকী আছে৷ ক’ৰোনাৰ পাছত বানপানী আহিবলৈ বাকী আছেই৷ এনে পৰিস্থিতিত অসমত ধান ক্রয় প্রক্রিয়া প্রায় অন্ত পৰাই বুলিব পাৰি৷ অথচ মে’ মাহ পর্যন্ত অসমৰ প্রায় ৮ হাজাৰ কৃষকৰ পৰাহে সংস্থাটোৱে ধান কিনিছে৷ কাজেই ধানৰ নূ্যনতম মূল্য প্রতি কুইণ্টলত ১,৮৬৮ টকা অসমৰ এক শতাংশ কৃষকেও লাভ নকৰিব৷ অসমৰ মুঠ ২৭ লাখ কৃষকৰ ২৭ হাজাৰ কৃষকেও আজিলৈ ভাৰতীয় খাদ্য নিগমৰ কেন্দ্রত ধান বিক্রী কৰিবলৈ সক্ষম হোৱা নাই৷

কেন্দ্রীয় সংস্থাটোৰ অমানৱীয় বৈষম্যৰ ওৰ নপৰালৈকে অসমৰ কৃষকৰ অৱস্থা টনকিয়াল হোৱাৰ সম্ভাৱনাও তেনেই ক্ষীণ৷ অথচ ধান ক্রয়ত অভিলেখ সৃষ্টি কৰা সংস্থাটোৱে জ্ঞাতসাৰে পাহৰি পেলাইছে অসমৰ কৃষকসকলক প্রতিবছৰে প্রাপ্যৰ পৰা বঞ্চিত কৰি অহাটো৷

RELATED ARTICLES