peepl-small

কাজিৰঙাত গঁড় হত্যা–৩ দিন পিছতহে গম পালে বন বিভাগে

PUBLISHED:

গুৱাহাটী: ৰাজ্যত গঁড় হত্যা ৰোধত সম্পূর্ণৰূপে সফল হোৱা বুলি বিজেপি নেতৃত্বাধীন চৰকাৰে পাৰ হৈ যোৱা বিধানসভা নির্বাচনত সদম্ভে কৰা দাবীৰ প্রকৃত স্বৰূপ উন্মোচিত হ’ল নির্বাচন পাৰ হৈ যোৱাৰ এটা পষেকৰ পিছতে৷ চৰকাৰৰ ‘নিশ্ছিদ্র পহৰা’ৰ বেষ্টনী ওফৰাই কাজিৰঙাত পুনৰ চোৰাং চিকাৰীয়ে নিধন কৰিলে জগত বিখ্যাত এশিঙীয়া গঁড়৷ অতি আশ্চর্যজনকভাৱে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খড়গ কাটি নিয়াৰ তিনি দিন পিছতহে এই ভয়াৱহ ঘটনাৰ বিষয়ে উমান পাইছে চৰকাৰৰ বন বিভাগে৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অধীনৰ হনুমান বন শিবিৰৰ সমীপৰ ইলেখন্দা বিলত মঙলবাৰে সন্ধিয়া উদ্ধাৰ হয় খড়গহীন এটা মতা গঁড়ৰ মৃতদেহ৷ পূব অসম বন সংমণ্ডল প্রাধিকাৰী বিষয়া ৰমেশ গগৈয়ে জানিবলৈ দিয়া মতে, তিনি–চাৰি দিন পূর্বে গঁড়টো হত্যা কৰি চোৰাং চিকাৰীয়ে খড়গটো লৈ উধাও হৈছে৷ এই ভয়ংকৰ ঘটনা কুম্ভকর্ণ নিদ্রাত থকা কাজিৰঙাৰ বন বিভাগে তিনি–চাৰি দিন পিছতহে অৱগত হয়৷ অহৰহ টহল দি থকাৰ পিছতো চোৰাং চিকাৰীৰ এটা দলে ৰাষ্ট্রীয় উদ্যানখনত প্রৱেশ কৰি মতা গঁড় হত্যা কৰি খড়গ কাটি নিয়া ঘটনাই স্বাভাৱিকতে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷

নিয়মীয়া টহল দিবলৈ যোৱা বনকর্মীৰ দলে পানীত ওপঙি থকা খড়গবিহীন মতা গঁড়টো উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা থ্রী নট থ্রী ৰাইফলৰ দুটা খালী কার্ট্রিজো উদ্ধাৰ কৰে৷ হাস্যকৰভাৱে ৰাষ্ট্রীয় উদ্যানখনৰ এগৰাকী শীর্ষ বিষয়াই ক’ৰোনাৰ বাবে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ প্রায় বনকর্মীয়ে ক’ভিড পৰীক্ষা কৰিবলৈ ওলাই অহাৰ সুযোগ লৈ চোৰাং চিকাৰীয়ে এই ঘটনা সংঘটিত কৰা বুলি প্রকাশ কৰিছে৷ নিশ্চিতভাৱে ৰাষ্ট্রীয় উদ্যানখনৰ সুৰক্ষা ব্যৱস্থাত এতিয়াও যে বৃহৎ সুৰুঙা আছে, সেয়া শেহতীয়া এই গঁড় হত্যাই পুনৰ প্রতীয়মান কৰিছে৷ তাৎপর্যপূর্ণভাৱে যোৱা কিছুদিন ধৰি চোৰাং চিকাৰীৰ দলে উদ্যানখনৰ গঁড় হত্যাৰ চেষ্টা চলাই থকাৰ বিষয়ে বন বিভাগে আগতীয়াকৈ তথ্য লাভ কৰিছিল৷

কিয়নো দুদিন পূর্বে ৰাষ্ট্রীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত গঁড় হত্যা কৰিবলৈ যোৱা তিনিজনীয়া চোৰাং চিকাৰীৰ এটা দলক অস্ত্রসহ আটক কৰিবলৈ সক্ষম হৈছিল জখলাবন্ধা আৰু বাগৰি আৰক্ষীয়ে৷ মন কৰিবলগীয়া যে বিগত বিধানসভা নির্বাচনত বিজেপি চৰকাৰৰ জ্যেষ্ঠ নেতাসকলৰ উপৰি ৰাষ্ট্রীয় পর্যায়ৰ নেতাসকলেও অসমত গঁড় হত্যা ৰোধ কৰাত সফল হোৱা বুলি দাবী কৰিছিল৷

RELATED ARTICLES