peepl-small

২০ তাৰিখে ৰাজ্যৰ তিনিটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

PUBLISHED:

গুৱাহাটী: ৰাজ্যৰ চাৰিটা ভোটকেন্দ্ৰত পুনৰ হ’ব ভোটগ্ৰহণ। শনিবাৰে নিৰ্বাচন আয়োগে অহা ২০ এপ্ৰিলত চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছে। সেই তিনিটা সমষ্টিৰ ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ। ৰাতাবাৰী, সোণাই আৰু হাফলং সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

এই ভোটকেন্দ্ৰ কেইটা হৈছে ৰাতাবাৰীৰ ১৪৯নং ইন্দিৰা এম ভি স্কুল, সোণাইৰ ১০৯(৪৬৩)নং মধ্য ধনেহাৰী এল পি স্কুল, হাফলঙৰ ১০৭(A) খতলিৰ এল পি স্কুল, হাফলঙৰ ১০৭নং মুৱালদাম এল পি স্কুলত অনুষ্ঠিত হ’ব পুনৰ ভোটগ্ৰহণ। পুৱা ৭বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হ’ব এই পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

RELATED ARTICLES