peepl-small

বিজেপিক হর্ছ ট্রেডিঙৰ প্রয়োজন নাইঃ দৰকাৰ হ’লে চৰকাৰেই গঠন নকৰোঁ

PUBLISHED:

গুৱাহাটী: ‘বিজেপিৰ বাবে হর্ছ ট্রেডিঙৰ প্রয়োজন নাই আৰু নকৰে, দৰকাৰ হ’লে চৰকাৰেই নকৰে৷’ –কংগ্রেছক তীব্র কটাক্ষ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এই মন্তব্য কৰে৷

বৰপেটাৰোডত দেওবাৰে সাংবাদিকৰে হোৱা এক বার্তালাপত তেওঁ কয়– ‘কংগ্রেছে আমাক হাঁহিৰ খোৰাক দিছে৷ বহুদিন হাঁহিব পৰা নাছিলোঁ৷ কংগ্রেছে হঁহাৰ সুযোগ দিছে৷ হঁহাৰ সুযোগ দিয়া বাবে কংগ্রেছক ধন্যবাদ৷’

সাক্ষাৎ কালত বিজেপি সভাপতিগৰাকীয়ে কয়– আমি লেটাৰ বা ডিষ্টিংচন লৈ চৰকাৰ গঠন কৰিম৷ কংগ্রেছে এইবোৰ নাটক কৰি আছে৷ কিছুমান হিচাপ–নিকাচ আছে, সেই বাবে ৰাইজক নাটক দেখুৱাই আছে৷ কিছুমান ব্যৱসায়ী আৰু চাকৰিয়ালক বিভ্রান্ত কৰি কৰিবলগীয়া কামখিনি কৰি ল’লে কংগ্রেছে৷ কংগ্রেছৰ বেয়া বস্তু আমাক নালাগে৷ বেয়া বস্তুৰে আমি ঘৰ বনাম নেকি বুুলি ওলোটাই প্রশ্ন কৰি দৰকাৰ হ’লে চৰকাৰ গঠন নকৰোঁ বুলিও ৰঞ্জিত দাসে উল্লেখ কৰে৷ মই বিজেপি দলৰ জ্যোতিষী বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়– বি টি আৰত আমি দহখন আসন পাম৷ এখনত হাৰিম৷ আন এখন সন্দেহজনক অৱস্থাত আছে৷ নামনিৰ সৰভোগ, পাটাছাৰকুছি, ভৱানীপুৰ, গোলকগঞ্জ, বৰক্ষেত্রী সমষ্টিত বিজেপি মিত্রজোঁট জিকিব৷ ৰাজ্যত থকা ৪ লাখ ৪৭ হাজাৰ পৃষ্ঠাপ্রমুখৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি বিজেপিয়ে দিছপুৰত মিত্রজোঁটৰ চৰকাৰ গঠন কৰিব এই কথা খাটাং৷ কংগ্রেছৰ দখলত থকা উজনিৰ গোলাঘাট, সৰুপথাৰ, তিতাবৰ, নাজিৰা, শিৱসাগৰ, মৰিয়নিত মিত্রজোঁটৰ জয় হ’ব৷ ডুমডুমা কনফার্ম নহয় যদিও অখিল গগৈ তিনি নম্বৰ স্থানত থাকিব আৰু লুৰিণজ্যোতি গগৈয়ে এখনত তিনি নম্বৰ আৰু এখনত চাৰি নম্বৰ স্থানত থাকিব৷

ইপিনে নির্বাচন আয়োগৰ ওপৰত বিশ্বাস নাই বুলি কংগ্রেছ নেতা জিতেন্দ্র সিঙে কৰা মন্তব্য সন্দর্ভতো প্রতিক্রিয়া প্রকাশ কৰে ৰঞ্জিত কুমাৰ দাসে৷ যদি জিতেন্দ্র সিঙৰ নির্বাচন আয়োগৰ ওপৰত বিশ্বাস নাই, তেনেহ’লে তেওঁ ভাৰতবর্ষৰ পৰা গুচি যাওক৷ তেওঁলোকৰ গণতন্ত্রৰ ওপৰত বিশ্বাস নাই৷ এইবাৰ কংগ্রেছ দলে এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰি ৰাম ঠগন খালে৷ কংগ্রেছৰ ভুল সিদ্ধান্তৰ বাবে এ আই ইউ ডি এফ লাভান্বিত হৈছে৷

RELATED ARTICLES