peepl-small

অসমৰ ৰাষ্ট্ৰীয় উদ্যান সংখ্যা ৬ খনলৈ বৃদ্ধিঃ কোকৰাঝাৰৰ ‘ৰাইমনা’ক নতুন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা মুখ্যমন্ত্ৰীৰ

PUBLISHED:

গুৱাহাটীঃ অসমত আজিৰে পৰা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৬ খনলৈ বৃদ্ধি পালে। কোকৰাঝাৰৰ ‘ৰাইমনা’ অভয়াৰণ্যক নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

ইয়াৰোপৰি শীঘ্ৰে দিহিং পাটকাইয়ো ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি গান্ধী মণ্ডপত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে এই অনুষ্ঠানত ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগক আজিৰে পৰা Science & Technology and Climate Change বিভাগ হিচাপে জনা যাব বুলিও উল্লেখ মুখ্যমন্ত্ৰীৰ।

লগতে ২৮ খন জিলাত ২৮ খন সাহিত্য মনীষী উপবন নিৰ্মাণৰ কাম চলি আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

RELATED ARTICLES