peepl-small

নগাঁৱত সম্পত্তিৰ পাহাৰ চোৰাং সোণ ব্যৱসায়ী আৰক্ষী উপ–পৰিদর্শকৰ

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীত জব্দ হোৱা ৫০ লক্ষাধিক টকাৰ চোৰাং সোণ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষী উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱতী আৰক্ষীৰ জালত পৰাৰ পিছত কালি মহানগৰ আৰক্ষীয়ে বাৰুৱতীৰ পত্নী তথা অসম আৰক্ষীৰ উপ–পৰিদর্শক বর্ণালী বৰাৰ নগাঁও আৰক্ষী ছাউনীৰ চৰকাৰী আৱাসত চলোৱা অভিযানত প্রায় চাৰি লাখ টকা জব্দ কৰে৷ তদুপৰি মহানগৰ আৰক্ষীয়ে চোৰাং সোণৰ বেহাৰ আঁত বিচাৰি নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ ‘বিকানেৰ জেমছ এণ্ড জুৱেলাৰী’ত অভিযান চলাই ব্যৱসায়িক প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰাম অৱতাৰ মনিহাৰীক আটক কৰি নিশাই গুৱাহাটীলৈ অভিযানকাৰী দলটোৱে লৈ যোৱা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷

উল্লেখ্য যে বিগত সময়ছোৱাত নগাঁৱত কার্যনির্বাহ কৰা আৰক্ষী উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱতীৰ বিৰুদ্ধে অলেখ অভিযোগ আছে৷ নগাঁও টাউন পৰিদর্শক (টি এছ আই) আৰু নগাঁও বৰঘাট বাইপাছ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া হিচাপে নগাঁৱত থকাৰ সময়ত বিভিন্ন বিতর্কৰ মাজত সোমাই পৰা বাৰুৱতী পৰৱর্তী সময়ত কার্বি আংলং জিলালৈ বদলি হৈ খটখটী, ডিলাই আৰু বকলীয়া থানাত কার্যনির্বাহ কৰে৷ কার্বি আংলং জিলাত থকাৰ সময়তে শাস্তিমূলক বদলিৰ সন্মুখীন হৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বাৰুৱতীক অৱশেষত ৰে’লৱে আৰক্ষীলৈ বদলি কৰা হয়৷ তেওঁৰ পত্নী বর্ণালী বৰাও বর্তমান নগাঁৱৰ হয়বৰগাঁও ৰে’লৱেত কর্মৰত৷ অসম আৰক্ষীৰ এগৰাকী শীর্ষ আৰক্ষী বিষয়াৰ লগত থকা মধুৰ সম্পর্কৰ বাবেই নিজৰ পছন্দৰ স্থানত বহি বিগত সময়ছোৱাত বাৰুৱতীয়ে চলাই গৈছিল বিভিন্ন অপকর্ম৷ নগাঁৱৰ বৰঘাট আৰক্ষী চকী আৰু খটখটী থানাত কার্যনির্বাহ কৰাৰ সময়ত চোৰাং কয়লা, বার্মিজ চুপাৰি, কাঠ, বালি মাফিয়াৰ লগত ধনৰ লেনদেন কৰাৰ অনেক অভিযোগৰে অভিযুক্ত এই বাৰুৱতীয়ে চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে নামে–বেনামে গঢ়ি তুলিছিল অগাধ সম্পত্তি৷

আনকি নগাঁৱত কার্যনির্বাহ কৰাৰ সময়তে কোটি টকাৰ মূল্যৰ ভূমি ক্রয় কৰা বুলিও জানিব পৰা গৈছে৷শেহতীয়াকৈ চোৰাং সোণৰ লগত এই পুলিচ এছ আই বাৰুৱতীৰ নাম সাঙোৰ খাই পৰাত আন বহু তথ্যই পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ যদিহে মহানগৰ আৰক্ষীয়ে তদন্ত সঠিক দিশে আগবঢ়াই নিয়ে, তেন্তে বাৰুৱতীয়ে কৰা বহু দুষ্কার্য পোহৰলৈ অহাটো নিশ্চিত৷তদুপৰি এই তদন্তৰ আওতালৈ বাৰুৱতীৰ পত্নী তথা আৰক্ষী উপ–পৰিদর্শক বর্ণালী বৰাক আনি জেৰা কৰিলেও বহু তথ্য উদ্ঘাটন হোৱাৰ সম্ভাৱনা আছে৷

আনহাতে, চোৰাং সোণৰ লগত নগাঁৱৰ অভিজাত অলংকাৰ প্রতিষ্ঠান বিকেনাৰ জেমছ এণ্ড জুৱেলাৰীৰ নাম সাঙোৰ খাই পৰাত সকলোৰে মাজত কৌতূহলৰ সৃষ্টি হৈছে৷ বহু বিতর্কিত এই জুৱেলাৰী প্রতিষ্ঠানৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ ওচৰত কেইবাটাও গোচৰ ইতিমধ্যে পঞ্জীয়ন হৈ আছে৷ তদুপৰি ২০১৩ চনত কেইবাকোটি টকাৰ কেলেংকাৰি সংঘটিত কৰি উধাও হোৱা এই প্রতিষ্ঠানটোৰ গতিবিধি বহু পূর্বৰে পৰা সন্দেহজনক৷ এনে প্রেক্ষাপটত চোৰাং সোণৰ লগত এই প্রতিষ্ঠানটোৰ নাম সাঙোৰ খোৱা বিষয়টোৱে সমগ্র ঘটনাটোক আৰু অধিক ৰহস্যবৃত্ত কৰি তুলিছে৷ আৰক্ষীৰ তদন্তইহে এই সমগ্র ৰহস্য ভেদ কৰিব বুলি এতিয়া সর্বত্র বিষয়টো চর্চিত হৈ পৰিছে৷

ইফালে, চোৰাং সোণ সৰবৰাহকাৰী চক্রৰ লগত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা জি আৰ পিৰ উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱতীক আজি কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ মহানগৰ আৰক্ষীয়ে অভিযুক্ত বদ্রীপ্রসাদ বাৰুৱতীক ৪ দিনৰ জিম্মাত বিচাৰে যদিও আদালতে দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে৷ বহু দুর্নীতিৰ অভিযোগত অভিযুক্ত বদ্রীপ্রসাদে আদালত চৌহদত সাংবাদিকক দুর্ব্যৱহাৰ কৰাৰ লগতে এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ ভিডি’ জার্নেলিষ্টক আক্রমণ কৰি কেমেৰা ভাঙি পেলায়৷

লক্ষণীয় যে ২০১২–২০১৬ চনলৈকে নগাঁৱত কর্মৰত হৈ থকাৰে পৰা বিভিন্ন অপৰাধমূলক কাম–কাজত উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱতী জড়িত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে৷ ২০১৬ চনত কার্বি আংলঙৰ ডিলাইত কর্মৰত হৈ থকাৰ সময়ৰে পৰা অপৰাধী চক্র আৰু চোৰাং সোণ সৰবৰাহকাৰী চক্রৰে সু–সম্পর্ক ৰক্ষা কৰি চলা বুলি আৰক্ষীৰ ভিতৰচ’ৰাত ব্যাপক চর্চা চলিছে৷ উচ্চপদস্থ আৰক্ষী বিষয়াৰে সু–সম্পর্ক ৰক্ষা কৰি বদ্রীপ্রসাদে ২০১৯ চনত গুৱাহাটী জি আৰ পিত উপ–পৰিদর্শক হিচাপে যোগদান কৰি নির্বিঘ্ণে চলাই গৈছিল চোৰাং সোণৰ বেহা৷ সম্প্রতি ভৰলুমুখ থানাৰ আৰক্ষীয়ে অভিযুক্ত বদ্রীপ্রসাদক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ ইফালে ভৰলুমুখ আৰক্ষীয়ে কালি অভিযুক্ত উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱতীৰ চৰকাৰী বাসগৃহত অভিযান চলাইছিল যদিও কোনো আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷

RELATED ARTICLES