peepl-small

ৰাইজৰ দল আৰু এজেপিৰ মাক-বাপেক কংগ্ৰেছ আৰু এআইইউডিএফঃ অতুল বৰা

PUBLISHED:

নিয়মীয়া বাৰ্তা, নৱেম্বৰঃ অসম জাতীয় পৰিষদ, ৰাইজৰ দলকে ধৰি নতুনকৈ উত্থান ঘটা ৰাজনৈতিক দলসমূহৰ মাকবাপেক হৈছে কংগ্ৰেছ আৰু আই ইউ ডি এফ।

এই মন্তব্য অসমৰ মিত্ৰজোঁট চৰকাৰৰ অগপৰ সভাপতি অতুল বৰাৰ।

এজেপি আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে অতুল বৰাই। বৰাৰ মতে এজেপি আৰু ৰাইজৰ দল কংগ্ৰেছৰ ঔৰসত জন্ম লভা, আৰু এনে বহু দল আছে যিসমূহ কংগ্ৰেছৰ গৰ্ভতে আছে।

দেখাত এই দলসমূহ বেলেগ যদিও তেওঁলোকৰ মাকবাপেক একে। বদৰুদ্দিন আজমলৰ সামপ্ৰদায়িক চৰিত্ৰক লৈ সোধা এটা প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয় যে আজমলৰ চৰিত্ৰতে আছে সাম্প্ৰদায়িকতা, আই এম ডি টি আইন বাতিলৰ পিছতে বদৰুদ্দিন আজমলে গঠন কৰিছিল ইউ ডি এফ।

আনহাতে তৰুণ গগৈৰ প্ৰসংগতো বৰাই কয় যে বহু বাকবিতণ্ডা কৰা বা হু ইজ বদৰুদ্দিন বুলি কোৱা তৰুণ গগৈ আৰু আজমলৰ নীতিআদৰ্শৰ বিশেষ পাৰ্থক্য ৰাইজৰ চকুত ধৰা নপৰিল

RELATED ARTICLES