peepl-small

চুমিলাৰ মৃত্যুৰ ন্যায় বিচাৰি কাৰ্বিআংলং, মণিপুৰ, নাগালেণ্ডৰ কুৰিটাকৈ সংগঠনৰ প্ৰতিবাদ

PUBLISHED:

গুৱাহাটী: নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত খাইগড়ত অগ্নিদগ্ধহৈ বনকৰা কিশোৰী চুমিলা ৰংহাংপীৰ অগ্নিদগ্ধহৈ ৰহস্যজনক মৃত্যুৰ বিগত ৮ টা দিনে ৰহাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক ভাবে দল – সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ পিছত আজিও ৰহাত কিশোৰী গৰাকীৰ মৃত্যুৰ  ন্যায় বিচাৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হয়। কাৰ্বি আংলং জিলাৰ পৰা অহা কাৰ্বি আংলং বাইকাৰ্চ, মটৰ চাইকেল সন্হাৰ লগতে নাগালেণ্ড আৰু মণিপুৰকে ধৰি বিভিন্ন ঠাইৰ প্ৰায় কুৰিটা দল সংগঠনে আজি দুপৰীয়া ৰহা থানা চৌহদত উপস্হিত হৈ চুমিলা ৰংহাংপীক পৰিকল্পিত ভাৱে হত্যা কৰা অভিযোগ তুলি ইয়াৰ ন্যায় বিচাৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।সংগঠন কেইটাৰ কেইবাশও সদস্যই  অৱস্হান কৰি চুমিলা ৰংহাংপীৰ বিচাৰ লাগে, হত্যাকাৰীক কঠোৰ শাস্তি দিয়ক,শিশুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, ন’ জাষ্টিচ ন’ ৰেষ্ট আদি ধ্বনি দি প্ৰায় এঘন্টা ধৰি  থানা চৌহদ উত্তাল কৰি তোলে। পিছত সংগঠন কেইটাৰ তৰফৰ পৰা ৰহা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে নগাঁও জিলা উপায়ুক্তলৈ চুমিলা ৰংহাংপীৰ হত্যাৰ উচিত তদন্ত বিচাৰি এখন স্মাৰক পত্ৰ ও প্ৰেৰণ কৰা হয়। স্মাৰক পত্ৰখনত চুমিলা হত্যাৰ তদন্ত এজনীয়া তদন্ত সমিতিৰ পৰিবৰ্তে চি,বি,আইক হস্তান্তৰ কৰাৰ লগতে এই গোচৰটোৰ সন্দৰ্ভত হামৰেণ জিলা আদালততো  এক মুকলি শুনানি চলোৱাৰ দাবী জনোৱা হয়। আনহাতেদি স্মাৰক পত্ৰখনত শিশু শ্ৰমিক আইন উলংঘা কৰি বিভিন্ন স্হানত এচাম লোকৰ ঘৰত  নিৰ্যাতনৰ বলি হোৱা আন শিশুসকলকো উদ্ধাৰ কৰি তেওঁলোকৰ উপযুক্ত শিক্ষাৰ ব্যবস্হা কৰাৰ বাবেও দাবী জনোৱা হৈছে।

আজি এই প্ৰতিবাদী কাৰ্যসুচীত এলাইড ৰয়েল ৰাইডাৰ্চ অৱ কাৰ্বি-আংলং, মটৰ চাইকেল ক্লাব, কাৰ্বি-আংলং, জমবিলি এম চি, বুলচ অৱ আছাম, নকবে এম চি, আৰ চি ব্ৰাদাৰ্ছ অৱ নাগালেণ্ড, ৰয়েল মটৰছ, মণিপুৰ, কাৰ্বি ষ্টুডেন্ট ইউনিয়ন, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কাৰ্বি-আংলং জিলা সমিতি, কাৰ্বি-আংলং চচিয়েল চিকিউৰিটি এচছিয়েচন, আদিকে ধৰি প্ৰায় কুৰিটা সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

RELATED ARTICLES