peepl-small

প্রিয়ংকা গান্ধীৰ অস্তিত্ব ৰক্ষাৰ সংগ্রাম হ’ব বাংলাদেশতঃ হিমন্ত বিশ্ব শৰ্মা

PUBLISHED:

গুৱাহাটীঃ নির্বাচনৰ প্রাক্ক্ষণত কংগ্রেছক উদ্ধাৰৰ বাবে অসমত উপস্থিত হোৱা ছোনিয়া তনয়াক  তীব্র কটাক্ষ কৰিলে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রী শর্মাৰ ভাষ্য– প্রিয়ংকা গান্ধীৰ অস্তিত্ব ৰক্ষাৰ সংগ্রাম বাংলাদেশতহে হ’ব৷

মঙলবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে কয়– বদৰুদ্দিন আজমলক লৈ কংগ্রেছে যিখন অস্তিত্ব ৰক্ষাৰ যুঁজ চলাইছে, সেই যুঁজখন নিশ্চিতভাৱে সফল হ’ব৷ কাৰণ এইখন অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজ নহয়, বাংলাদেশৰ অস্তিত্ব ৰক্ষাৰ যুঁজ৷ প্রিয়ংকা গান্ধীয়ে এই যুঁজখন বাংলাদেশত সফল কৰিব পাৰিব৷

আনহাতে প্রিয়ংকা গান্ধীয়ে এই ভ্রমণছোৱাত চাহ বাগিচাৰ শ্রমিকসকলৰ মাজত কটোৱাক লৈ ড০ শর্মাই কয়– নৰেন্দ্র মোদী যেতিয়া প্রধানমন্ত্রী হোৱা নাছিল, চাহ বাগিচাৰ শ্রমিকৰ মজুৰি আছিল ৯৬ টকা৷ ৯৬ টকাৰে তেওঁলোকে দৈনন্দিন জীৱন চলাবলগীয়া হৈছিল৷

মঙলবাৰে প্রিয়ংকা গান্ধীয়ে চাহ বাগিচাৰ শ্রমিকৰ গৃহত ভাত–পানী খাব পৰা অৱস্থা এই কাৰণেই হ’ল যে বিজেপিৰ দিনত চাহ শ্রমিকৰ মজুৰি ২১৭ টকালৈ বৃদ্ধি পালে৷   প্রিয়ংকা গান্ধীয়ে বাগানৰ শ্রমিকৰ গৃহত ভাত–পানী বনাব পাৰিছে, তাৰ মূল কাৰণ হ’ল আমাৰ চৰকাৰে বিনামূলীয়া চাউল দিলে, ৰন্ধন গেছ দিলে, ৰাস্তা–ঘাট বনাই দিলে৷ বাগানৰ প্রতিচ্ছবি সলনি কৰি দিছে বিজেপিয়ে৷ আজি প্রিয়ংকা গান্ধীক চাহ শ্রমিকে আদৰিব পৰাৰ ক্ষমতা যোৱা ৫ বছৰত আহৰণ কৰিছে৷ আনহাতে বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয়– হাগ্রামা মহিলাৰীক বিজেপিয়ে যথেষ্ট সন্মানসহকাৰে বিদায় জনাই থৈছে৷ গতিকে আমি বিদায় সম্ভাষণ জনোৱাৰ পিছত হাগ্রামা মহিলাৰীয়ে ক’ত কেনেকৈ আগুৱাই যায়, সেয়া তেওঁৰ কথা৷ বিদ্যালয়ৰ শিক্ষকক বিদায় জনোৱাৰ দৰে বিজেপিয়ে হাগ্রামা মহিলাৰীক বিদায় জনাই থৈছে৷ অৰবিন্দ কেজৰিৱালকো কটাক্ষ কৰি মন্ত্রী ড০ শর্মাই কয় যে দিল্লীত ক’ৰোনাৰ তাণ্ডৱ এতিয়াও চলি আছে৷ কিন্তু অসমত ক’ৰোনা নাই৷ অসমৰ পৰিৱেশ যথেষ্ট উন্নত৷ গতিকে এনে পৰিৱেশত পর্যটক অহাটো স্বাভাৱিক৷ অৰবিন্দ কেজৰিৱাল সেই কাৰণেই অসমলৈ আহিব৷

RELATED ARTICLES