peepl-small

ক’ভিডৰ সময়তো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল; গ্রীষ্ম বন্ধৰ পিছতে অভিযোগ পৰীক্ষা কৰিব শিক্ষা বিভাগে

PUBLISHED:

ক’ভিড মহামাৰীৰ পৰিপ্রেক্ষিতত যোৱা এপ্রিল মাহৰ মাজভাগৰ পৰাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে৷ চৰকাৰী শিক্ষানুষ্ঠানৰ লগতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহতো বর্তমান সমূলি পাঠদান বন্ধ আছে৷ কিন্তু অতি আশ্চর্যকৰভাৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে এই ক’ভিড কালতো মাহেকীয়া মাচুল সম্পূর্ণৰূপে আদায় লৈ আহিছে৷ ইয়াকে লৈ ছাত্র–ছাত্রী, অভিভাৱকসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল আদায়ৰ বিষয়টো সম্পর্কত  শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয়– ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল সম্পর্কত চৰকাৰৰ এখন আইন আছে৷ তদুপৰি ক’ভিড পৰিস্থিতিৰ ওপৰত দিয়া এছ অ’ পি এখনো আছে৷ বর্তমান যিহেতু বিদ্যালয়সমূহত গৰমৰ বন্ধ চলি আছে, সেয়ে গৰমৰ বন্ধ শেষ হোৱাৰ পিছত সেই অভিযোগসমূহ পুনৰ পৰীক্ষা কৰি চোৱা হ’ব৷ এইক্ষেত্রত কিছু আবেদন আহিছে৷ অতি কম দিনৰ ভিতৰতে এই সম্পর্কত চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিব৷

উল্লেখ্য যে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ক’ভিড কালতো সম্পূর্ণৰূপে মাচুল আদায় লৈ থকা সম্পর্কত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷ ইতিমধ্যে এক বিবৃতিযোগে বিৰোধী দলপতি শইকীয়াই কয় যে ক’ভিড মহামাৰীৰ এই দুর্যোগৰ সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মাচুল পর্যালোচনা কৰি চৰকাৰে কর্তন কৰাৰ এক ব্যৱস্থা ল’ব লাগে৷ বিশেষকৈ যোৱাবাৰ ক’ৰোনাকালত বিদ্যালয়সমূহলৈ চৰকাৰে মাচুল ৰেহাই, হ্রাসৰ যি নির্দেশনা জাৰি কৰিছিল, ঠিক তেনেদৰে এইবাৰো তেনে অনুৰূপ নির্দেশনা চৰকাৰক জাৰি কৰাৰ বাবে শইকীয়াই দাবী জনায়৷

আনহাতে গৰমৰ বন্ধ খোলাৰ পিছতো ৰাজ্যত ক’ভিড অব্যাহত থাকিলে ছাত্র–ছাত্রীসকলক ঘৰতে অনলাইনযোগে শিক্ষাদানৰ পদক্ষেপ গ্রহণ কৰিব বুলি শিক্ষামন্ত্রী ডাঃ পেগুৱে জানিবলৈ দিয়ে৷

RELATED ARTICLES