peepl-small

অসুস্থ মহিলা ফুটবল খেলুৱৈ ৰৈছুমৈ নাৰ্জাৰীৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিব বিটিআৰ চৰকাৰে

PUBLISHED:

গুৱাহাটীঃ চিৰাঙৰ ২নং কাশীকোত্ৰাৰ বাসিন্দা ৰবিন্দ্ৰ বসুমতাৰীৰ কন্যা তথা মহিলা ফুটবল খেলুৱৈ ৰৈছুমৈ বসুমতাৰীৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো খেলুৱৈ গৰাকীৰ বাসগৃহত উপস্থিত হয়।

পেচাত এজন পাচলি বিক্ৰেতা ৰবিন্দ্ৰ বসুমতাৰীৰ কন্যা ৰৈছুমৈ বসুমতাৰীয়ে(১৭) চিৰাং জিলা ক্ৰীড়া সন্থাৰ হৈ জিলা আৰু ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কেইবাখনো ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ছমাহ পুৰ্বে ফুটবল খেলি থকা অৱস্থাত বুকুত বল লাগি উদীয়মান খেলুৱৈ গৰাকী আঘাতপ্ৰাপ্ত হয়। দৰিদ্ৰ পৰিয়ালৰ খেলুৱৈ গৰাকীয়ে অৰ্থনৈতিক দুৰৱস্থা হেতুকে ভালদৰে চিকিৎসা কৰিব পৰা নাছিল। যাৰ ফলত যোৱা ছমাহে ঘৰতে থকা খেলুৱৈ গৰাকী উন্নত চিকিৎসাৰ অভাৱত অধিক অসুস্থ হৈ পৰিছে। সম্প্ৰতি খেলুৱৈ গৰাকীৰ ভৰি দুখন বিকল হোৱাৰ আশংকা কৰা হৈছে । ইপিনে পিতৃ ৰবিন্দ্ৰ বসুমতাৰীয়ো পথ দুৰ্ঘটনাত ভৰিত গুৰুতৰভাবে আঘাত পাই অসুস্থ হৈ আছে। পৰিয়ালৰ মূল ব্যক্তি জনে কোনো কাম বা ব্যৱসায় কৰিব পৰা অৱস্থাত নাই বাবে পৰিয়ালটোলৈ দুৰ্যোগ নামি আহিছে।

পৰিয়ালটোৰ দুৰৱস্থাৰ বিষয়ে জানিব পাৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আজি পৰিয়ালটোৰ কাশিকত্ৰাস্থিত ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। প্ৰমোদ বড়োই গুৱাহাটীস্থিত জি এন আৰচিত খেলুৱৈ গৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰে। অসুস্থ ৰৈছুমৈৰ চিকিৎসাৰ সকলো দায়িত্ব বিটিআৰ চৰকাৰে গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ ক্ৰীড়া ক্ষেত্ৰত এই ধৰণৰ বঞ্চিত খেলুৱৈ সকলৰ সহায়ৰ বাবে ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিয়ে।।

RELATED ARTICLES