peepl-small

ঘৰৰ মৰমৰ কুকুৰজনী মৰা বাবে প্রদ্যুৎ বৰদলৈয়ে সাক্ষাৎ নিদিলে ভাস্কো–ধৈর্যক

PUBLISHED:

গুৱাহাটীঃ মহাজোঁটৰ বিশ্বাসঘাতকতা আৰু প্রতাৰণাক লৈ বুধবাৰে সৰৱ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ ভোটগণনাৰ প্রাক্মুহূর্তত কাৰাগাৰৰ পৰা আন এক ‘পত্রবোমা’ৰ জৰিয়তে অখিল গগৈয়ে উদঙালে কংগ্রেছ তথা বিৰোধী দলৰ প্রকৃত চৰিত্র৷ কিদৰে কংগ্রেছ দলে বিজেপিবিৰোধী মঞ্চ গঠনৰ ক্ষেত্রত অত্যন্ত ছলনাময় ভূমিকা লৈছিল৷ কংগ্রেছে প্রতাৰণা কৰাই নহয়, ৰাইজৰ দলে বিজেপিবিৰোধী মঞ্চৰ বিৰোধিতা কৰা বুলিও অপপ্রচাৰ চলোৱা বুলি পত্রযোগে অভিযোগ তুলিলে অখিল গগৈয়ে৷

বুধবাৰে এখন সংবাদ মেলযোগে ৰাইজৰ দলে অখিল গগৈৰ পত্র ৰাজহুৱা কৰি কংগ্রেছ তথা মহাজোঁটৰ চৰম বিশ্বাসঘাতকতাক উদঙাই দিয়ে৷ পত্রযোগে অখিল গগৈয়ে উল্লেখ কৰিছে যে ২০২১ চনৰ নির্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বার্থত কংগ্রেছৰ সৈতে মিত্রতাৰ প্রস্তাৱ দিছিল অখিল গগৈয়ে৷ মিত্রতাৰ প্রস্তাৱ আছিল কৌশলগত৷ ২৫ জানুৱাৰীত অখিল গগৈক সাক্ষাৎ কৰিছিল কংগ্রেছৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে৷ এই সাক্ষাৎকালতে ঐক্যবদ্ধভাৱে নির্বাচনত যুঁজ দিয়াৰ কথা প্রদ্যুৎ বৰদলৈৰ আগত অৱগত কৰিছিল অখিল গগৈয়ে৷ উক্ত আলোচনা কালতে প্রদ্যুৎ বৰদলৈয়ে অখিল গগৈৰ পৰা বিচাৰিছিল ৰাইজৰ দলে প্রতিদ্বন্দ্বিতা কৰিব লগা প্রার্থীৰ তালিকা৷ এই আলোচনাৰ পাছতেই হঠাতে প্রদ্যুৎ বৰদলৈয়ে বিপৰীত মন্তব্য কৰা আৰম্ভ কৰে৷ ৰাইজৰ দলে প্রদ্যুৎ বৰদলৈৰ হাতত তুলি দিয়া একেখন তালিকা প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ হাততো তুলি দিছিল৷ কিন্তু ইয়াৰ বিপৰীতে সাংসদ বৰদলৈয়ে হোজাই আৰু শিৱসাগৰত ওলোটা বক্তব্য প্রদান কৰি কৈছিল যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল হৈছে বিজেপিৰ বি টীম৷ ৰাইজৰ দলৰ হৈ ধৈর্য কোঁৱৰ, ভাস্কো ডি শইকীয়াই সাংসদ বৰদলৈক এবাৰ সাক্ষাতৰ বাবে সময় বিচৰাত প্রথম দিনা বিশেষ অসুবিধাৰ বাবে সাক্ষাৎ নহ’ল৷

দ্বিতীয় দিনটোত তেওঁক লগ ধৰিবলৈ যাওঁতে ঘৰৰ কুকুৰজনীৰ মৃত্যু হোৱা বাবে সাক্ষাৎ নিদিলে৷ ৰাইজৰ দলৰ দুই প্রতিনিধি ঘৰৰ সমুখৰ পৰাই ঘূৰি আহিছিল৷ আনহাতে, ৫ ফেব্রুৱাৰীত আঞ্চলিক গণ মর্চাৰ নেতাদ্বয় ক্রমে লাচিত বৰদলৈ আৰু মনজিৎ মহন্তই জি এম চি এইচত অখিল গগৈক সাক্ষাৎ কৰিছিল আৰু একেলগে বিজেপিবিৰোধী শক্তিবোৰে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ কথা আলোচনা কৰিছিল৷ তেওঁলোকে আনকি কংগ্রেছৰ নেতৃত্বৰ লগত মিত্রতা সন্দর্ভত কথা পতাৰো প্রতিশ্রুতি দিছিল৷ ১০ ফেব্রুৱাৰীত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই অখিল গগৈক সাক্ষাৎ কৰি ঐক্যবদ্ধভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ কথা কৈছিল৷ কিন্তু বাহিৰলৈ ওলাই গৈ সংবাদ মাধ্যমত ৰাইজৰ দলে ঐক্যবদ্ধ হ’ব নোৱাৰে বুলি ঘোষণা কৰিছিল৷

সেয়াই নহয়, ৮ ফেব্রুৱাৰীত এ আই চি চিৰ দুজন সাধাৰণ সম্পাদক ক্রমে জিতেন্দ্র সিং আৰু মুুকুল বাচনিকে সাক্ষাৎ কৰিছিল অখিল গগৈক৷ এই সাক্ষাৎকালতেই ১১ ফেব্রুৱাৰীৰ পৰা ১৪ ফেব্রুৱাৰীৰ ভিতৰত জিতেন্দ্র সিঙে অখিল গগৈক সাক্ষাৎ কৰি প্রতিদ্বন্দ্বিতা কৰিবলগীয়া বিভিন্ন সমষ্টি ঠিক কৰিব বুলি প্রতিশ্রুতি দিছিল৷ কিন্তু পৰৱর্তী সময়ত জিতেন্দ্র সিঙে অখিল গগৈক সাক্ষাৎ নকৰিলে৷

অখিল গগৈয়ে পত্রখনত এইবুলি উল্লেখ কৰিছে যে আগষ্ট মাহৰ পৰাই বিজেপিক পৰাভূত কৰিবলৈ চেষ্টা চলাইছিল ৰাইজৰ দলে৷ কিন্তু কংগ্রেছৰ প্রতাৰণা আৰু বিশ্বাসঘাতকতাৰ বাবে এয়া সম্ভৱ নহ’ল৷ ৰাইজৰ দলৰ স্পষ্ট কথা– এইবাৰ নির্বাচনত বিজেপি জয়যুক্ত হ’লে তাৰ বাবে দায়ী হ’ব কংগ্রেছ, এ আই ইউ ডি এফ আৰু বাঁওপন্থী দল৷ ৰাইজৰ দলৰ অনভিজ্ঞতাৰ সুযোগ ল’লে কংগ্রেছে৷ যাৰ বাবে দায়ী কেইগৰাকীমান নেতা৷ একমাত্র মুখ্যমন্ত্রীৰ আসনখনত বহাৰ বাবে কংগ্রেছ দলত চলা খোৱা–কামোৰাৰ কাৰণে এখন ঐক্যবদ্ধ যুঁজ সম্ভৱ নহ’ল৷

অখিল গগৈয়ে দিয়া পত্রখনত ৰাইজৰ দলৰ পৰা মুখ্য উপদেষ্টা ড০ হীৰেন গোহাঁয়ে পদত্যাগ কৰা সন্দর্ভতো এটা দিশ উল্লেখ কৰিছে৷ সেই অনুসৰি কংগ্রেছে ৰাইজৰ দলৰ বাবে শিৱসাগৰক বাদ দি আন সমষ্টি এৰি দিয়া কথাটো মানি নল’ব বুলি স্পষ্ট কৰাৰ পাছত দুই মার্চত অখিল গগৈয়ে কংগ্রেছ দলৰ প্রতি এখন সকীয়নিমূলক পত্র প্রেৰণ কৰে৷ সেই সকীয়নি পত্র কংগ্রেছ আৰু এ আই ইউ ডি এফে মুছলমানবিৰোধী পত্র বুলি ব্যাপক প্রচাৰ কৰে আৰু সাংগঠনিকভাৱে তৃণমূল পর্যায়লৈ সেই অপপ্রচাৰ বিয়পাই দিয়ে৷ যাৰ বাবে তিনি মার্চত ৰাইজৰ দলৰ মুখ্য উপদেষ্টা হীৰেন গোহাঁয়ে পদত্যাগ কৰে৷ পত্রখনৰ সামৰণিত অখিল গগৈয়ে কয়– দুই মে’লৈ ৰাইজৰ দলে অপেক্ষা কৰিব৷ ৰাইজৰ দলে প্রথমবাৰৰ বাবে নির্বাচনত অৱতীর্ণ হৈছে৷ প্রথম পদক্ষেপতেই দলটোৱে বিৰাট ঢ়াক্কা খালে৷ কংগ্রেছৰ প্রতাৰণা আৰু বিশ্বাঘাতকতাৰ বলি হ’লোঁ৷ ৰাজনীতিত সততা, সৰলতাৰ স্থান নাই বুলি প্রথম অভিজ্ঞতাই ক’লে৷ আমাৰ শত্রু–মিত্রবোৰ চিনি পালোঁ৷

RELATED ARTICLES