peepl-small

অসমত অসাৰ প্রধানমন্ত্রী ফচল বীমা যোজনাঃ খাৰিফ বতৰত অসমৰ ৩৭ লাখ কৃষকৰ ৩.৮৭ লাখেহে কৰালে বীমা

PUBLISHED:

গুৱাহাটী: স্বৰাজোত্তৰ কালৰে পৰা অসমৰ কৃষক ৰাইজে লাভৰ মুখ দেখিবলৈ পোৱা নাই৷ প্রতিবছৰে ইটোৰ পাছত সিটো প্রাকৃতিক দুর্যোগে অসমৰ খেতিয়ক ৰাইজক জলা–কলা কৰে৷ অথচ ৰাজ্যখনৰ অর্থনীতিৰ মূল ভিত্তিয়েই হৈছে কৃষি৷ মুঠ জনসংখ্যাৰ ৭০ শতাংশ লোকেই কৃষিৰ ওপৰত সম্পূর্ণ নির্ভৰশীল৷ এনে পৰিস্থিতিত কৃষক সমাজক সকাহ দিবৰ বাবে ৰাজ্যত কার্যকৰী কৰা হৈছিল প্রধানমন্ত্রী ফচল বীমা যোজনা৷ কেন্দ্রীয় চৰকাৰে ২০১৬ চনৰ খাৰিফ বতৰত এই আঁচনিখন আৰম্ভ কৰিছিল৷ বর্তমান খাৰিফ আৰু ৰবি দুয়োটা বতৰতে কৃষি বীমা কৰোৱা হয়৷ কিন্তু অসমৰ ক্ষেত্রত প্রতিবছৰে এই আঁচনিখন ভালুকৰ সাঙীত পৰিণত হৈ আহিছে৷ এহাতেদি ৰাজ্যখনৰ মুষ্টিমেয় কিছুসংখ্যক কৃষককহে প্রধানমন্ত্রী ফচল বীমা যোজনাই সামৰি লৈছে, আনহাতে আঁচনিখন বীমা কোম্পানীৰ লুণ্ঠনৰ হাথিয়াৰত পৰিণত হৈছে৷

কেন্দ্রীয় চৰকাৰৰ তথ্য অনুসৰি অসমত ৩৭.৩০ লাখ কৃষক আছে৷ কিন্তু ২০১৯ চনৰ খাৰিফ বতৰত নিজৰ শস্য বীমা কৰোৱা কৃষকৰ সংখ্যা হ’ল মাত্র ৩.৮৭ লাখ৷ অর্থাৎ ৰাজ্যখনৰ মাত্র ১০ শতাংশ কৃষককহে প্রধানমন্ত্রী ফচল বীমা যোজনাই সামৰি ল’বলৈ সক্ষম হৈছে৷ বীমা আঁচনিখনৰ অন্তর্ভুক্ত হৈছে ৰাজ্যৰ ২.৪৯ লাখ হেক্টৰ কৃষিভূমি৷ অথচ গুজৰাটৰ ২৫.৪২ লাখ হেক্টৰ, ছত্তিশগড়ৰ ২২ লাখ হেক্টৰ, হাৰিয়ানাৰ ১১.২২ লাখ হেক্টৰ, ৰাজস্থানৰ ৪৫.১৬ লাখ হেক্টৰ কৃষিভূমিক একেখন আঁচনিয়ে একেটা শস্যৰ বতৰত সামৰি লৈছে৷ ২০১৯ৰ খাৰিফ শস্যৰ বতৰত বীমা আঁচনি ৰূপায়ণৰ দায়িত্বত থকা কোম্পানীক অসমৰ কৃষকে প্রিমিয়াম হিচাপে আদায় দিছে ৮৩ লাখ টকা৷ একেদৰে চৰকাৰে আদায় দিছে ৫৮.৭৩ লাখ টকাৰ প্রিমিয়াম৷ অর্থাৎ এটা শস্যৰ বতৰত শস্য বীমা কোম্পানীয়ে লাভ কৰিছে প্রায় ৬০ কোটি টকাৰ প্রিমিয়াম৷ কিন্তু বিভিন্ন দুর্যোগত হোৱা ক্ষয়–ক্ষতিৰ বাবে ক্ষতিপূৰণ বিচাৰি আবেদন জনাই অসমৰ এজনো কৃষকে এটকাৰো ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ অথচ একেটা শস্যৰ বতৰত ছত্তিশগড়ৰ কৃষকে ৬৬৪ কোটি টকা, গুজৰাটৰ কৃষকে ১১১ কোটি টকা, হাৰিয়ানাৰ কৃষকে ৫৮২ কোটি টকা, ৰাজস্থানৰ কৃষকে ৩,১৬২ কোটি টকাৰ ক্ষতিপূৰণ লাভ কৰিছে৷ এই তথ্যই উদঙাই দিয়ে যে অসমত আচলতে কি পর্যায়ত প্রধানমন্ত্রী ফচল বীমা যোজনাৰ ৰূপায়ণ চলিছে৷ একেই প্রতিচ্ছবি দেখা গৈছিল ২০১৮–১৯ বর্ষতো৷

উক্ত বর্ষত এই আঁচনিখনে অসমৰ ৭৪ হাজাৰ কৃষক, ৪৯ হাজাৰ হেক্টৰ কৃষিভূমি সামৰি লৈছিল৷ প্রিমিয়াম হিচাপে বীমা কোম্পানীক আদায় দিয়া হৈছিল প্রায় ১৬ কোটি টকা৷ সেই বছৰটোত অসমৰ কৃষকে লাভ কৰিলে মাত্র ২.৭৯ কোটি টকাৰ ক্ষতিপূৰণ৷ ইয়াৰ বিপৰীতে গুজৰাট, হাৰিয়ানা, ছত্তিশগড়, ৰাজস্থান আদিৰ কৃষকে ২০১৮–১৯ বর্ষতো হাজাৰ কোটিৰ ক্ষতিপূৰণ লাভ কৰিছে৷ সাধাৰণ তথ্যৰ পৰাই ওলাই পৰে যে প্রধানমন্ত্রী ফচল বীমা যোজনাই অসমৰ ক্ষেত্রত কৃষকতকৈ বীমা কোম্পানীকহে অধিক লাভান্বিত কৰিছে৷

বীমা কোম্পানীৰ স্বার্থত এই আঁচনি ৰূপায়ণ কৰিবলৈ ইতিমধ্যে বিভিন্ন ৰাজ্যই অস্বীকাৰ কৰিছে৷ বিহাৰ, পশ্চিমবংগ, তেলেংগানা, ঝাৰখণ্ড, অন্ধ্রপ্রদেশে ইতিমধ্যে নিজ নিজ ৰাজ্যত প্রধানমন্ত্রী ফচল বীমা যোজনা বাতিল কৰিছে৷ ইয়াৰ বিপৰীতে উক্ত ৰাজ্যসমূহে কৃষকৰ সহায় হ’ব পৰাকৈ নিজাববীয়া বীমা আঁচনি ঘোষণা কৰিছে৷ অথচ অসমৰ কৃষি বিভাগে বীমা কোম্পানীক অধিক প্রিমিয়াম দিয়াৰহে আঁচনি প্রস্তুত কৰিছে৷ এখন অসাৰ হৈ পৰা আঁচনিক লৈ কৃষি বিভাগৰ এনে অত্যুৎসাহ ৰহস্যজনক বিবেচিত হৈছে৷

RELATED ARTICLES