peepl-small

জানুৱাৰীত ১৬ হাজাৰ শিক্ষকৰ পদ প্রাদেশিকীকৰণঃ ড০ শর্মা

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যখনত উচ্চ শিক্ষাৰ প্রসাৰৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰখনে যথেষ্ট পদক্ষেপ গ্রহণ কৰিছে৷ এই পদক্ষেপৰ অংশ হিচাপে নতুনকৈ এই শিক্ষাবর্ষৰ পৰা কাজিৰঙা, কাকপথাৰ, ডুমডুমা, কাটলিচেৰা, কার্বি আংলঙৰ ডেইথৰ আৰু বৰখোলাত ৬খনকৈ নতুন আদর্শ মহাবিদ্যালয় আৰম্ভ হ’ব৷ সেইদৰে ১৬খন প্রাদেশীকৃত মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান শাখা প্রৱর্তন কৰা হৈছে৷ শনিবাৰে দিছপুৰৰ লোকনির্মাণ বিভাগৰ সন্মিলন গৃহত আয়োজিত এক অনুষ্ঠানত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উক্ত মহাবিদ্যালয়কেইখন বাবে মুঠ ৩৬৮গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি–পত্র প্রদান কৰে৷ সেই অনুষ্ঠানতে মন্ত্রী ড০ শর্মাই অহা জানুৱাৰী মাহত ৰাজ্যখনত ১৬ হাজাৰ ভেঞ্চাৰ শিক্ষকৰ পদ প্রাদেশিকীকৰণ কৰা হ’ব বুলিও ঘোষণা কৰে৷

ভাষণত তেওঁ কয় যে বর্তমানৰ চৰকাৰখনে উচ্চ শিক্ষাৰ প্রসাৰৰ বাবে নিৰন্তৰ প্রচেষ্টা চলাই আহিছে৷ প্রাদেশীকৃত কলেজসমূহতো নতুন নতুন বিষয় অন্তর্ভক্ত কৰা হৈছে৷ ২০১৭ চনত ৫খন চৰকাৰী আদর্শ মহাবিদ্যালয় স্থাপনৰ পাছত এইবাৰ নতুনকৈ ৬খন আদর্শ মহাবিদ্যালয় স্থাপন কৰা হয়৷ ইতিমধ্যে নতুনকৈ স্থাপন কৰা ৬খন আদর্শ মহাবিদ্যালয়ত অধ্যক্ষ নিযুক্তি দিয়া হৈছে৷ পূর্বতে অসমত কটন কলেজ, ডিফু কলেজ আৰু হাফলং কলেজহে চৰকাৰী কলেজ আছিল৷ পৰৱর্তী পর্যায়ত কোকৰাঝাৰ কলেজক চৰকাৰী কলেজৰ মর্যাদা দিয়া হয়৷ উচ্চ শিক্ষাৰ প্রসাৰৰ প্রতি লক্ষ্য ৰাখি বর্তমান ৰাজ্য চৰকাৰখনে প্রয়োজন অনুসৰি ৰাজ্যখনৰ বিভিন্ন স্থানত চৰকাৰী কলেজ স্থাপনৰ ব্যৱস্থা কৰিছে৷ চৰকাৰী কলেজসমূহত সাধাৰণতে অসম লোকসেৱা আয়োগে পৰীক্ষা অনুষ্ঠিত কৰি অধ্যাপক আদি নিযুক্তি দি আহিছে৷ কিন্তু লোকসেৱা আয়োগৰ জৰিয়তে হোৱা নিযুক্তি প্রক্রিয়া যথেষ্ট দীঘলীয়া হোৱা হেতু বর্তমানৰ চৰকাৰৰ দিনত স্থাপন হোৱা মুঠ ১১খন চৰকাৰী কলেজত মেনেজিং কমিটী বা গৱর্নিং ব’ডীৰ জৰিয়তে অধ্যাপক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ সেই অনুসৰি নতুনকৈ স্থাপন কৰা ৬খন আদর্শ কলেজত শনিবাৰে ১৯১গৰাকী শিক্ষক আৰু কর্মচাৰী নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে৷

ভাষণত তেওঁ আৰু কয় যে ৰাজ্যখনত অহা বছৰ আৰু চাৰিখন আদর্শ মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ অনাগত দিনত প্রতিটো উন্নয়ন খণ্ডতে একোখনকৈ চৰকাৰী কলেজ বা প্রাদেশীকৃত কলেজৰ ব্যৱস্থা কৰিব লাগিব বুলি উল্লেখ কৰি কয় যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণসকলৰ ৫০ শতাংশই উচ্চ শিক্ষা লাভ কৰাটো নিশ্চিত কৰিবলৈ হ’লে তেনে ব্যৱস্থা কৰিবই লাগিব৷ ৰাইজে নিজাববীয়াকৈ স্থাপন কৰা ভেঞ্চাৰ কলেজৰ ক্ষেত্রত বহু সময়ত যথেষ্ট বেমেজালি সৃষ্টি হয়৷ তাৰ বাবে চৰকাৰে নিজাববীয়াকৈ ৰাইজৰ দাবী আৰু বিভাগৰ পর্যালোচনা অনুসৰি প্রয়োজনীয় স্থানত কলেজ স্থাপনৰ ব্যৱস্থা কৰিছে৷ ভাষণত তেওঁ আৰু কয় যে বাজেটত ঘোষণা কৰা অনুসৰি ৫০খন প্রাদেশীকৃত মহাবিদ্যালয়ত বিজ্ঞান শাখা প্রৱর্তনৰ যি প্রতিশ্রুতি দিয়া হৈছিল, তাৰে ১৬খন মহাবিদ্যালয়ত আজি বিজ্ঞান শাখাৰ সহঃ অধ্যাপক নিযুক্তি দিয়া হ’ব৷

অসমত নতুন নতুন মেডিকেল কলেজ আৰু ইঞ্জিনীয়াৰিং কলেজ স্থাপন হোৱাৰ লগে লগে মহাবিদ্যালয়সমূহত্ বিজ্ঞান শাখাৰ প্রয়োজনীয়তা আহি পৰিছে৷ কাৰণ পূর্বতে অসমত মেডিকেল কলেজত আসনৰ সংখ্যা আছিল ৩৫০খন৷ এতিয়া সেই সংখ্যা বাঢ়ি এহেজাৰ হৈছে৷ তদুপৰি এইবাৰ ক’ভিডৰ পৰিপ্রেক্ষিতত অসমৰ পৰা ছাত্র–ছাত্রী উচ্চ শিক্ষা আহৰণৰ বাবে দিল্লী–পুনেলৈ যোৱা নাই৷ সেইবোৰ দিশলৈ চাই চৰকাৰে আজি উচ্চ শিক্ষা বিভাগত নতুনকৈ ৩৬৮গৰাকী সহঃ অধ্যাপকৰ নিযুক্তিৰ ব্যৱস্থা কৰে৷ অহা ১৫ দিনৰ ভিতৰত তেওঁলোকে নিজ নিজ কর্মস্থলীত উপস্থিত হৈ পাঠদান আৰম্ভ কৰিব৷ যোৱা কেইটামান বছৰৰ ভিতৰত অসমৰ শিক্ষাখণ্ডত বৃহৎ পৰিৱর্তন অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে পূর্বতে অসমত মেডিকেল কলেজ কেইখন, ইঞ্জিনীয়াৰিং কলেজ কেইখন, বিশ্ববিদ্যালয় কেইখন বুলি প্রশ্ণ কৰিলে মুহূর্ততে সকলোৱে উত্তৰ দিব পাৰিছিল৷ কিন্তু এতিয়া আন বাদেই, শিক্ষামন্ত্রী হিচাপে তেওঁ নিজেও ভাবি ভাবি উত্তৰ দিব লাগিব৷ ভাষণত তেওঁ আৰু কয় যে শিক্ষক নিযুক্তিৰ প্রক্রিয়াটো বর্তমান সম্পূর্ণ স্বচ্ছ হৈছে৷

পূর্বৰ দৰে কোনেও টকা–পইচা দি বা অন্য ধৰণে এতিয়া শিক্ষকৰ চাকৰি লাভ নকৰে৷ সম্পূর্ণ মেধাৰ ভিত্তিত এতিয়া শিক্ষকৰ চাকৰি লাভ কৰে৷ অতি স্বচ্ছতাৰে শিক্ষা বিভাগত নিযুক্তি হৈছে যদিও বহু ক্ষেত্রত নৱপ্রজন্মৰ মাজত কামৰ প্রতি নিষ্ঠা, দায়িত্ববোধ, সততা দেখা নাযায়৷ আগেয়ে বহুতৰে যুক্তি আছিল– টকা দি চাকৰি পাইছোঁ যেতিয়া নপঢ়াওঁ, এতিয়া বহুতে ভাবে– নিজৰ মেধাত চাকৰি পাইছোঁ যেতিয়া নপঢ়াওঁ৷ নৱপ্রজন্মই এনে চিন্তাৰ পৰা আঁতৰি আহিব লাগিব৷ পূর্বতে কলেজ শিক্ষক এজনৰ পদ প্রাদেশিকীকৰণ কৰাৰ সময়ত বয়স ৫২ৰ পৰা ৫৫ বছৰ হৈছিল৷ কিন্তু এতিয়া শিক্ষা সমাপ্ত কৰাৰ পাছতেই লগে লগে ইউ জি চিৰ নিৰিখত দৰমহা লাভ কৰে৷ সেয়ে প্রত্যেকেই উৎসর্গিত মনোভাবেৰে পাঠদানৰ বাবে আগবাঢ়ি অহা উচিত৷ ভাষণত তেওঁ আৰু কয় যে নতুন শিক্ষা নীতি অহাৰ পাছত ৰাষ্ট্রীয় পর্যায়ত শিক্ষাখণ্ডত অসমৰ বহনক্ষম ক্ষমতা দেশৰ ভিতৰতে শনিবাৰে দ্বিতীয় স্থানত আছে৷

ৰাষ্ট্রীয় সাক্ষৰতাৰ ক্ষেত্রতো অসম আজি আগবাঢ়ি গৈছে৷ ডিফুৰ দৰে স্থানতো আজি মেডিকেল কলেজ স্থাপন কৰিব পৰাটো গুৰুত্বপূর্ণ ঘটনা৷ ক’ভিডৰ ক্ষেত্রত অসমৰ সফলতাক লৈও দেশৰ বিভিন্ন বিধানসভাত আলোচনা হৈছে৷ শনিবাৰৰ এই অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ মিহিৰকান্তি চৌধুৰী, ৰাজ্যিক শিক্ষামন্ত্রী ভবেশ কলিতা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিফুৰ সাংসদ হৰেনছিং বে’, শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, আয়ুক্ত সচিব প্রীতম শইকীয়াও উপস্থিত থাকে৷

RELATED ARTICLES