peepl-small

শিক্ষক বদলিৰ বাবে শীঘ্রে মুকলি কৰা হ’ব প’র্টেলঃ শিক্ষামন্ত্রী

PUBLISHED:

গুৱাহাটী:  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ বিগত সময়ছোৱাত সৃষ্টি হোৱা নানা বিতর্কৰ অন্ত পেলাই অহা ৩১ জুলাইৰ পূর্বে ফলাফল ঘোষণাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ৷ মঙলবাৰে এই কথা ঘোষণা কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ বিধানসভা প্রাংগণত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, পূর্বে ঘোষণা কৰা অনুসৰি ৩১ জুলাইৰ পূর্বে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বাবে সকলো প্রস্তুতি পূর্ণগতিত চলিছে৷ প্রতিখন জিলা আৰু ব্লকত পৰীক্ষাৰ ফলাফলৰ সকলো কাম–কাজ সুকলমে সম্পন্ন হৈছে৷ ৩১ জুলাইৰ পূর্বে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ শিক্ষা বিভাগ সক্ষম হ’ব বুলিও মন্ত্রীগৰাকীয়ে স্পষ্ট কৰে৷

ইয়াৰ পূর্বে মঙলবাৰে বিধানসভাত শিক্ষা বিভাগৰ বিভিন্ন দিশ সামৰি মন্ত্রী পেগুৱে দাঙি ধৰা এক বক্তব্যত স্পষ্ট কৰে যে শিক্ষকৰ বদলীকৰণৰ ক্ষেত্রত অহা দুমাহৰ ভিতৰতে এক প’র্টেল মুকলি কৰা হ’ব৷ অর্থাৎ এতিয়াৰে পৰা শিক্ষকৰ বদলি নির্দিষ্ট নীতি–নিয়মৰ মাজেৰেহে সম্পন্ন হ’ব৷ সেই অনুসৰি কোনো শিক্ষকে বদলিৰ বাবে প’র্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব৷ এইক্ষেত্রত শিক্ষকজনে নূন্যতম ১০ বছৰ একেখন বিদ্যালয়ত চাকৰি কৰাৰ চর্ত পূৰণ কৰিব লাগিব৷ অৱশ্যে নিৰাপত্তা আৰু স্বাস্থ্যজনিত কাৰণতো বদলিৰ বাবে আবেদন কৰিব পাৰিব৷ মঙলবাৰে বিধানসভাত সদস্যৰ সময় শীর্ষক কার্যসূচীত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই শিক্ষা বিভাগৰ বিভিন্ন দিশ সন্দর্ভত উত্থাপন কৰা বিষয়ৰ উত্তৰ প্রদান কৰি শিক্ষামন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে প্রাথমিক তথা মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত শিক্ষা বিভাগে ২০১৮ চনৰ গুণোৎসৱৰ ভিত্তিত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব৷ কোনবোৰ বিদ্যালয়ৰ শ্রেণীকোঠা নির্মাণ হ’ব লাগিব অথবা আন আন আন্তঃগাঁথনিৰ উন্নয়ন কৰা হ’ব, সেই দিশত ইতিমধ্যে পর্যালোচনা আৰম্ভ হৈছে৷

মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে যিসমূহ বিদ্যালয়ত ছাত্র–ছাত্রীৰ উপস্থিতি কম, তেনে বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে একত্রীকৰণ কৰা হৈছে৷ এই আঁচনিৰ অধীনত ইতিমধ্যে ৬ হাজাৰ বিদ্যালয় একত্রীকৰণৰ আওতালৈ অনা হৈছে৷ মন্ত্রীগৰাকীয়ে আন এটা দিশ উল্লেখ কৰি কয় যে ৰাজ্যৰ বিভিন্ন অপ্রাদেশীকৃত বিদ্যালয়ক গাঁও পঞ্চায়ত অথবা বিধায়ক পুঁজিৰ পৰা ধন আবণ্টন দিয়া শিক্ষা বিভাগৰ দৃষ্টিগোচৰ হৈছে৷ কিন্তু এনে বিদ্যালয়সমূহৰ ভৱিষ্যৎ কি, সেই দিশ পৰীক্ষা কৰা হোৱা নাই৷ বিভাগে এনে বিদ্যালয় একত্রীকৰণ প্রক্রিয়াত অন্তর্ভুক্ত কৰিছে৷ গতিকে এই বিদ্যালয়সমূহলৈ আবণ্টন দিয়া ধন যাতে অথলে নাযায়, সেই দিশটোৰ প্রতি গাঁও পঞ্চায়ত আৰু বিধায়কসকলে গুৰুত্ব দিয়া উচিত৷

RELATED ARTICLES