peepl-small

৫৪নং পশ্চিম গুৱাহাটীঃ বিজেপি–অগপ–কংগ্রেছৰ প্রার্থিত্বকেন্দ্রিক যুঁজ

PUBLISHED:

গুৱাহাটীঃ  সমাগত বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰা সমষ্টিয়ে সমষ্টিয়ে শাসনাধিষ্ঠ বিজেপি, প্রধান বিৰোধী কংগ্রেছ, নৱগঠিত ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি অন্যান্য দলৰ প্রার্থিত্বপ্রত্যাশীসকলে ব্যাপক প্রচাৰ অভিযান অব্যাহত ৰাখিছে৷

শেহতীয়াকৈ ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিতো বিজেপি, অগপ, কংগ্রেছ দলৰ প্রার্থিত্বৰ বাবে কেইবাকোণীয়া দৌৰ চলিছে প্রার্থিত্বপ্রত্যাশীসকলৰ মাজত৷ পশ্চিম গুৱাহাটী সমষ্টিৰ বর্তমানৰ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা৷ অগপ আৰু বিজেপি মিত্রজোঁটৰ মাজত আসনৰ ভাগ বাটোৱাৰাক লৈ দলীয় শীর্ষ নেতৃত্বৰে আলোচনা চলি আছে৷

অগপৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টিটো কোনো কাৰণতে মিত্রজোঁট বিজেপিক এৰি দিব বিচৰা নাই অগপই৷ কিন্তু শাসনাধিষ্ঠিত বিজেপি দলৰ হৈ সমষ্টিটোত বিজেপিৰ জ্যেষ্ঠ নেতা তথা জিএমডিএৰ উপাধ্যক্ষ মুকুতা ডেকা, বিজয় গুপ্তা, দেৱান ধ্রুৱজ্যোতি মৰল আৰু অশোক ভৰালীয়ে প্রার্থিত্ব বিচাৰিছে৷

সমষ্টিটোত আটাইকেইগৰাকী প্রার্থিত্বপ্রত্যাশীয়ে পদযাত্রা, চাইকেল ৰেলী, জনসম্পর্ক অভিযানেৰে ৰাইজৰ দৃষ্টি আকর্ষণৰ চেষ্টা অব্যাহত ৰাখিছে৷ সমষ্টিটোৰ বিভিন্ন স্থানত জিএমডিএৰ উপাধ্যক্ষ মুকুতা ডেকাই জনসম্পর্ক অভিযানেৰে ঘৰে ঘৰে গৈ ৰাইজৰ সমস্যাসমূহ সমাধানৰ আশ্বাস প্রদান কৰা পৰিলক্ষিত হৈছে৷ বিজেপিৰ তৃণমূলৰ কর্মীয়ে পশ্চিম গুৱাহাটী সমষ্টিটো কোনো কাৰণতে মিত্র দল অগপক এৰি দিব বিচৰা নাই৷

ইয়াৰ সমান্তৰালকৈ বর্তমানৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই সমষ্টিটোৰ নতুনকৈ নির্মিত বাট–পথ, গৃহ মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰি ৰাইজৰ দৃষ্টি আকর্ষণৰ চেষ্টা চলাইছে৷ কিন্তু বিগত ৫ বছৰত বিধায়কগৰাকীয়ে সমষ্টিটোৰ বিভিন্ন অঞ্চলত উন্নয়নমূলক কাম–কাজ নকৰাত একাংশ ৰাইজে বিধায়কগৰাকীৰ বিৰুদ্ধে প্রতিবাদ কৰাৰ লগতে ভোট বর্জনৰো হুংকাৰ দিছে৷ ইফালে, সমষ্টিটোত  কংগ্রেছ দলৰ পৰা প্রার্থিত্ব বিচাৰিছে দহজনকৈ প্রার্থীয়ে৷ ইয়াৰ ভিতৰত আছে কুমুদ চন্দ্র বৰুৱা তথা জনপ্রিয় গায়ক বাবু৷ সমষ্টিটোত কেইবাগৰাকীও কংগ্রেছৰ জ্যেষ্ঠ নেতাই প্রার্থিত্ব বিচাৰিছে৷ সেইসকল ক্রমে– ৰমেন বৰঠাকুৰ, দ্বিজেন্দ্র নাথ শর্মা, দেৱ কুমাৰ বর্মন, বনদীপ দত্ত, নৱ কুমাৰ ডেকা, ৰাজা দাস, ৰতন বড়ো, অভিজিৎ মজুমদাৰ, লক্ষ্মণ ৰাভা৷ প্রার্থিত্বপ্রত্যাশী কংগ্রেছৰ নেতাসকলেও সমষ্টিটোত বেনাৰ–পোষ্টাৰ আৰু দেৱাল লিখনিৰে ভোটাৰ ৰাইজৰ দৃষ্টি আকর্ষণৰ চেষ্টা চলাইছে৷

RELATED ARTICLES