peepl-small

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ জীৱনৰ জনা-অজনা বহু কথা

PUBLISHED:

গুৱাহাটীঃ তিনিটা দশকৰ এক সফল ৰাজনৈতিক পৰিক্রমা৷ বর্ণাঢ়্য–চমকপ্রদ৷ ফুল আৰু কাঁইটেৰে ভৰা এই পথ অতিক্রমি আজি তেওঁ শপত গ্ৰহণ কৰিলে অসমৰ পঞ্চদশ মুখ্যমন্ত্রী হিচাপে৷

ছাত্র ৰাজনীতিৰ পৰা মুখ্যমন্ত্রীৰ আসনলৈকে এই দীঘলীয়া পথছোৱাত সন্মুখলৈ আহিছিল অনেক প্রত্যাহ্বান৷ মোকাবিলা কৰিবলগীয়া হৈছিল বহু অপ্রত্যাশিত দুর্যোগৰ৷ কিন্তু প্রতিটো প্রতিকূল মুহূর্তত তেওঁ দৃঢ়তাৰে থিয় হৈ ৰ’ল৷ নিজ ৰাজ্যৰ জনতাৰ ওপৰত ৰাখিলে অসীম ভৰসা৷ সময়ৰ পৰীক্ষাত সাহসেৰে অৱতীর্ণ হ’ল৷ সেয়ে আজি গভীৰ আস্থাৰে ৰাজ্যৰ সর্বস্তৰৰ জনগণে তেওঁৰ হাতত তুলি দিছে অসমৰ শাসনভাৰ৷ মুখ্যমন্ত্রীৰ আসনত ড০ হিমন্ত বিশ্ব শর্মাৰ আৰোহণে ৰাজ্যবাসীৰ মনলৈ কঢ়িয়াই আনিছে নতুন দিনৰ নতুন আশাৰ ৰেঙনি৷

ড০ হিমন্ত বিশ্ব শর্মাৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১ ফেব্রুৱাৰীত, যোৰহাটত৷ পিতৃ প্রয়াত কৈলাশ নাথ শর্মা আৰু মাতৃ মৃণালিনী দেৱী৷ ১৯৭৫ চনত মহানগৰীৰ গান্ধীবস্তিৰ নতুন শৰণীয়া প্রাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া জীৱন আৰম্ভ কৰে৷ ১৯৭৯ চনত নামভর্তি কৰে কামৰূপ একাডেমীত৷ তেতিয়াই ঐতিহাসিক অসম আন্দোলনৰো উকমুকনি ঘটিছিল৷ স্কুলীয়া ছাত্র হিচাপে তেওঁ জড়িত হৈ পৰে আন্দোলনৰ কার্যসূচীৰ সৈতে৷ স্কুলৰ পৰা এক আন্দোলনৰ কার্যসূচীত অংশগ্রহণ কৰিবলৈ গৈছিল পাটাছাৰকুছিলৈ৷ তাতেই প্রথমটো বত্তৃণতা দি ৰাজহুৱা জীৱনত আত্মপ্রকাশ কৰে৷ পাটাছাৰকুছি বিদ্যাপীঠ খেলপথাৰৰ পৰা আৰম্ভ হোৱা সেই যাত্রা আজিও অপ্রতিৰোধ্য হৈ ৰৈছে৷

১৯৮২–৮৩ চনত কামৰূপ একাডেমীৰ ছাত্র একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হোৱাৰ পিছত ১৯৮৪–৮৫ চনত বিদ্যালয়খনৰ সাধাৰণ সম্পাদক পদতো জয়লাভ কৰে৷ ছাত্র নেতা হিচাপে অসম আন্দোলনত সক্রিয় অংশগ্রহণ দেখি তেওঁক ছাত্র সন্থাৰ বিষয়ববীয়াৰ দায়িত্বও অর্পণ কৰা হয়৷ কামৰূপ একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱাৰ পিছত ১৯৮৫ চনত ঐতিহ্যমণ্ডিত কটন কলেজত নামভর্তি কৰে৷ ১৯৮৭ চনত স্নাতক শাখালৈ উত্তীর্ণ হোৱাৰ সমান্তৰালভাৱে ছাত্র একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপেও নির্বাচিত হয়৷ পৰৱর্তী তিনিটা কার্যকাল ১৯৮৮–৮৯, ১৯৮৯–৯০ আৰু ১৯৯১–৯২ বর্ষত হিমন্ত বিশ্ব শর্মা আছিল কটন কলেজ একতা সভাৰ সাধাৰণ সম্পাদক৷ সাংগঠনিক দক্ষতাৰ বাবে সদৌ গুৱাহাটী ছাত্র সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বও তেওঁৰ ওপৰত ন্যস্ত কৰা হয়৷

RELATED ARTICLES