peepl-small

নগাঁৱত আৰক্ষী কনিষ্টবল সহ দুজনৰ মৃত্যু

PUBLISHED:

গুৱাহাটী:  নগাঁও চহৰৰ সমীপৰ শেনচোৱাত আজি দিনৰ প্ৰায় ১১ বজাত হোৱা এক পথ দূৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হয় ।
নগাঁৱৰ যান বাহন আৰক্ষীয়ে জনোৱা মতে , নগাঁৱৰ তুলসীমূখৰ উৎপল দাস (২৬) নামৰ যুৱকজনে নিজৰ এ এছ – ০২ ইউ – ১৬৭০ নম্বৰৰ স্ক্ৰুটিখনেৰে নগাঁও চহৰলৈ আহি থকা অৱস্থাত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ শেনছোৱাৰ ওচৰত এক পথ দূৰ্ঘটনা পতিত হয় । জানিব পৰা মতে , কোনো চাৰি চকীয়া বাহনে খুন্দিয়াই থৈ যায় ।
দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীখনৰ সম্ভেদ বাতৰি লিখা সময়লৈকে আৰক্ষীয়ে উলিয়াবলৈ সক্ষম হোৱা নাই । ইতিমধ্যে মৃত যুৱকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়া হৈছে ।
জানিব পৰামতে যুৱকজন নগাঁও চহৰৰ এটা মটৰ ডীলাৰৰ কৰ্মচাৰী । আনহাতে , জিলাখনৰ নলতলীত হোৱা এক পথ দূৰ্ঘটনাত এজন আৰক্ষী কনিষ্টবল নিহত হয় ।
জানিব পৰা মতে , যোৱা নিশা নিজৰ কৰ্তব্য পালনৰ বাবে চুলুং আৰক্ষী চকীলৈ গৈ থকা অৱস্থাত কলিয়াবৰ তিনি আলিৰ পৰা তেজপুৰলৈ যোৱা ৩৭ নং (ক) ৰাষ্ট্ৰীয় পথৰ নলতলীত কনিষ্টবল গৰাকী এক দূৰ্ঘটনাত পতিত হয় । দূৰ্ঘটনাটোত মৃত্যু বৰন কৰা আৰক্ষীৰ কনিষ্টবল গৰাকী হৈছে কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত মিছা পানীগাৱৰ অৰূপ বসুমতাৰী ।
জানিব পৰা মতে , বাইকেৰে চুলুং আৰক্ষী চকীলৈ ঘৰৰ পৰা গৈ থকা আৰক্ষী কনিষ্টবল গৰাকী নলতলীৰ ওচৰত চাৰিলেন যুক্ত পথৰ গাতত সোমোৱাৰ বাবেই এই দূৰ্ঘনাটো সংঘটিত হয় আৰু যুৱকজনে মৃত্যুক সাৱতি লব লগা হয় ।
বহু পলমকৈ আৰক্ষীয়ে গম পায় ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কনিষ্টবল গৰাকীক উদ্ধাৰ কৰি জখলাবন্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
আৰক্ষী কনিষ্টবল গৰাকী গাতত পৰি মৃত্যু হ’লনে – কোনো গড়ীৰ খুন্দাত মৃত্যু হ’ল সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

RELATED ARTICLES