peepl-small

নকল ঔষধ, চিকিৎসা সামগ্রী বিক্রী কৰি গোবিন্দ পোদ্দাৰসহ চাৰিজনক গ্রেপ্তাৰ

PUBLISHED:

গুৱাহাটী: ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ সুযোগ লৈ ৰাজ্যত নকল ঔষধ, চিকিৎসা সামগ্রী বিক্রী কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ কালি জিএমচিএইচৰ অস্ত্রোপচাৰ কক্ষত এগৰাকী ৰোগীৰ দেহত পেচমেকাৰ সংৰোপণ কৰিবলৈ লওঁতেই পেচমেকাৰটো নকল বুলি ধৰা পেলাইছিল জিএমচিএইচৰ চিকিৎসকে৷ নকল পেচমেকাৰ বিক্রী কৰাৰ ঘটনা সন্দর্ভত জিএমচিএইচৰ অধীক্ষকে ভঙাগড় থানাত ৩১২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷ উক্ত গোচৰটোৰ ভিত্তিত ভঙাগড় থানাৰ আৰক্ষীয়ে মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলাই নকল পেচমেকাৰ বিক্রী কৰা ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত চাৰিজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ধৃত লোককেইজন ক্রমে ৰ’দালি ফার্মাচীৰ স্বত্বাধিকাৰী বিভাস পাটোৱাৰী, ৰ’দালি ফার্মাচীৰ মেনেজাৰ জাহাংগীৰ হুছেইন, জেনিফাৰ মেডিক’জৰ স্বত্বাধিকাৰী পূর্ণ ডেকা আৰু নকল পেচমেকাৰ যোগানকাৰী প্রতিষ্ঠানৰ স্বত্বাধিকাৰী গোবিন্দ পোদ্দাৰ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জু–ৰোডৰ গোবিন্দ পোদ্দাৰ নামৰ ব্যৱসায়ীজনে ছেইণ্ট জুড মেডিকেল নামৰ কোম্পানীটোৱে প্রস্তুত কৰা নকল পেচমেকাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত থকা মেছার্ছ ৰ’দালি ড্রাগ্ছ আৰু জেনিফাৰ মেডিক’জক যোগান ধৰে৷

জেনিফাৰ মেডিক’জ আৰু ৰ’দালি ড্রাগ্ছৰ পৰাই ৰোগীৰ আত্মীয়ই ক্রয় কৰিছিল নকল পেচমেকাৰটো৷ আৰক্ষীৰ জেৰাত নকল ঔষধ, পেচমেকাৰকে ধৰি বিভিন্ন চিকিৎসা সামগ্রীৰ যোগনিয়াৰ অনা–সমীয়া বণিয়া গোবিন্দ পোদ্দাৰে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন ফার্মাচীক বিক্রী কৰাৰ তথ্য পোহৰলৈ আহিছে৷ কেৱল ধনৰ লালসাতে গোবিন্দ পোদ্দাৰে নকল চিকিৎসা সামগ্রী বিক্রী কৰি আহিছিল৷ জনজীৱনৰ প্রতি ভাবুকি কঢ়িয়াই নকল ঔষধ, পেচমেকাৰকে ধৰি বিভিন্ন চিকিৎসা সামগ্রী বিক্রী কৰি অহা জিএমচিএইচৰ চৌহদত থকা ৰ’দালি ড্রাগ্ছ, জেনিফাৰ মেডিক’জ আৰু গোবিন্দ পোদ্দাৰৰ ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা আজিও বিক্রী কৰি আছে ঔষধকে ধৰি অন্যান্য চিকিৎসা সামগ্রী৷ এই প্রতিষ্ঠানকেইখনৰ বিৰুদ্ধে আৰক্ষী আৰু স্বাস্থ্য বিভাগে গ্রহণ কৰা নৰম স্থিতিক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷

RELATED ARTICLES