peepl-small

আজিৰে পৰা মুকলি হ’ল পবিতৰা অভয়াৰণ্য

PUBLISHED:

গুৱাহাটীঃ আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে  মুকলি হ’ল পবিতৰা অভয়াৰণ্য ৷ 

এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যত ফিটা কাটি হাতী ছাফাৰী আৰু জীপ ছাফাৰীৰ আমেজ লয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ বনমন্ত্ৰীৰ সৈতে উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ।

দেশী-বিদেশী পৰ্যটকক পবিতৰা ভ্ৰমণৰ সোৱাদ দিবলৈ সাজু কৰি তোলা হৈছে ২০ খন জীপ আৰু ১০ টাকৈ বিভাগীয় হাতী।

অভয়াৰণ্যখনত সম্প্ৰতি ১০২ টা গঁড়, পাঁচ শতাধিক বনৰীয়া ম’হ, সহস্ৰাধিক বন গাহৰিৰ উপৰি প্ৰায় ৩৮৫ টা প্ৰজাতিৰ দেশী-বিদেশী পৰিভ্ৰমী চৰাই আছে ৷ পলমকৈ মুকলি হ’লেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ  বিভিন্ন ধৰণে অভয়াৰণ্যখন সজাই তুলিছে বন বিভাগে ৷ ইয়াৰ সমান্তৰালকৈ সম্পূৰ্ণ কোভিড প্ৰট’কল মানি পৰ্যটকক আদৰিবলৈ সাজু হৈ উঠিছে পবিতৰাৰ ৰিজৰ্টসমূহ ৷

RELATED ARTICLES