peepl-small

পাইন কাঠভর্তি ট্ৰাক জব্দ

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তৰ খানামুখত ৰাষ্ট্রীয় ঘাইপথত কালি নিশা জালুকবাৰী আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত মেঘালয়ৰ বর্ণিহাটৰ পৰা চালানবিহীনভাৱে অনা অৱস্থাত এখন পাইন কাঠভর্তি বাৰচকীয়া ট্ৰাক জব্দ কৰে৷ জব্দ কৰা কাঠখিনিৰ পৰিমাণ প্রায় ৪০ ঘনমিটাৰ আৰু বজাৰ মূল্য ৬ লাখ টকাৰা অধিক হ’ব বুলি বন বিভাগৰ সূত্রত প্রকাশ৷ বন বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি, পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্রাধিকাৰী ভাস্কৰ ডেকাই গুৱাহাটীৰ গাতে লাগি থকা মেঘালয়ৰ বর্ণিহাটৰ দিশৰ পৰা গুৱাহাটীলৈ কোনো ট্ৰাকত কৌশলেৰে চালানবিহীনভাৱে বা নথি–পত্র অবিহনে পাইন কাঠ গুৱাহাটী বা কাষৰীয়া অঞ্চললৈ আহিব পাৰে বুলি গুৱাহাটীৰ খানামুখ খণ্ড বন বিষয়াৰ কার্যালয় আৰু ৰাণী বনাঞ্চলিক বিষয়াৰ কার্যালয়ক সতর্ক কৰি দিছিল৷

বন সংমণ্ডল প্রাধিকাৰী ভাস্কৰ ডেকাৰ নির্দেশত খানামুখ খণ্ড বন বিষয়া কার্যালয় আৰু ৰাণী বনাঞ্চলিক বিষয়া কার্যালয়ৰ এটা বনকর্মীৰ দল জালুকবাৰী আৰক্ষী চকীৰ এটা টহলদাৰী দলৰ সৈতে খানামুখৰ পৰা লংকেশ্বৰৰ মাজত সন্ধিয়াৰ পিছত ৰাষ্ট্রীয় ঘাইপথত টহল দি আছিল৷ নিশা প্রায় ৮ মান বজাত খানামুখত কৌশলেৰে তির্পাল ঢ়াকি এএছ–০১ইচি–২৯৯২ নম্বৰৰ এখন বাৰচকীয়া ট্ৰাক আহি থকা দেখি দলটোৱে ৰখায়৷ তাৰ পিছত তালাচী চলোৱাত পাইন কাঠ থকাটো ওলাই পৰে৷ নিশাই কাঠভর্তি ট্ৰাক ৰাণী বনাঞ্চলিক বিষয়াৰ কার্যালয়লৈ নিয়াৰ লগতে ট্ৰাকখনত থকা চালকজনৰ বিৰুদ্ধে অসম বন আইনৰ অধীনত এটা গোচৰ ৰজু কৰা হয়৷  চালকজনক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জে’ললৈ প্রেৰণ কৰে৷ ইতিমধ্যে চালকজনে বর্ণিহাটৰ পৰা সান্ধ্য আইনৰ সুযোগ লৈ নথি–পত্র অবিহনে পাইন কাঠখিনি অনা বুলি স্বীকাৰ কৰিছে৷

RELATED ARTICLES