peepl-small

হৰ্ডিং বিতৰ্ক! ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ হৰ্ডিং আঁতৰাওকঃ মন্ত্ৰী পীযুষ হাজৰিকা

PUBLISHED:

গুৱাহাটীঃ হৰ্ডিং বিতৰ্কক লৈ কংগ্ৰেছ দলক প্ৰত্যাহ্বান মন্ত্ৰী পীযূষ হাজৰিকাৰ। ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ নামত থকা হৰ্ডিং আঁতৰাবলৈ কংগ্ৰেছক প্ৰত্যাহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনাবলৈ পথত অঁৰা হৰ্ডিঙত মুখ্যমন্ত্ৰীৰ ফটো ব্যৱহাৰক লৈ কংগ্ৰেছে কৰিছিল তীব্ৰ সমালোচনা। ইপিনে পথৰ পৰা এই হৰ্ডিং শীঘ্ৰে আঁতৰাই নিদিলে কংগ্ৰেছ কৰ্মীয়ে আঁতৰাব বুলি হুংকাৰ দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীযূষ হাজৰিকাই কংগ্ৰেছৰ নেতাৰ নামত থকা ষ্টেডিয়ামৰ নাম সলাই দিয়ক বুলি ভূপেন বৰাক উভতি ধৰে । মন্ত্ৰী পীযূষ হাজৰিকাই কয়, “আমাৰ দলৰ তথা চৰকাৰৰ তৰফৰ পৰা কংগ্ৰেছ দলক অনুৰোধ কৰিছো তেওঁলোকে যেনেদৰে খেলুৱৈৰ সৈতে ৰাজনীতিকৰ ফটো থাকিব নালাগে বুলি কৈছে, থিক তেনেদৰে আমাৰো অনুৰোধ খেলৰ অনুষ্ঠানসমূহৰ লগতো ৰাজনীতিকৰ নাম জড়িত হ’ব নালাগে। আমাৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ নামত ষ্টেডিয়াম, খেল বঁটা আদি আছে। গতিকে উপদেশতকৈ আৰ্হি ভাল, ভূপেন বৰাই খেলৰ সৈতে ৰাজনীতিবিদৰ নাম সাঙুৰ খোৱাটো ভাল পোৱা নাই! গতিকে তেওঁলোকে এটা সিদ্ধান্ত লওক অসমৰ নেহৰু ষ্টেডিয়ামৰ নামটো অসমৰ কোনোবা এগৰাকী প্ৰথিতযশা খেলুৱৈৰ নামেৰে নামাকৰণ কৰক।”
ইয়াৰোপৰি দেশৰ আন আন স্থানটো ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ নামত থকা ষ্টেডিয়ামসমূহ আঁতৰাই দিবলৈ চৰকাৰক কংগ্ৰেছ দলে অনুৰোধ কৰিবলৈ আহ্বান জনালে মন্ত্ৰী পীযূষ হাজৰিকাই।

RELATED ARTICLES