peepl-small

এনডিএৰ বিকাশৰ এজেণ্ডাক পুনৰ আশীর্বাদ দিলে অসমবাসীয়ে

PUBLISHED:

গুৱাহাটীঃ  অসমত পুনৰ বিজেপিৰ নেতৃত্বত মিত্রজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈ পৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ এক টুইটযোগে এই বিজয়ৰ বাবে অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰি মোদীয়ে কয়– ‘এন ডি  এৰ বিকাশৰ এজেণ্ডা আৰু ৰাজ্য চৰকাৰৰ জনমুখী নীতিক পুনৰ অসমবাসীয়ে আশীর্বাদ দিছে৷ এই আশীর্বাদৰ বাবে অসমবাসীক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ এন ডি এৰ কার্যকর্তাসকলৰ কঠোৰ পৰিশ্রম আৰু ৰাইজক সেৱা কৰাৰ অক্লান্ত প্রয়াসৰ মই শলাগ লৈছোঁ৷’

ইপিনে ৰাজ্যত বিজেপিৰ বিপুল জয়ৰ বাবে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাক অভিনন্দন জ্ঞাপন কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ এক টুইটযোগে তেওঁ কয়– ‘শান্তি, সুশাসন আৰু বিকাশৰ ৰাজনীতিক পুনৰ আদৰি লোৱাৰ বাবে মই অসমৰ জনতাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমত সম্পূর্ণ নিষ্ঠা আৰু কল্যাণকামী নীতিৰে জনগণৰ জীৱন ধাৰণৰ মান উন্নীত কৰা তথা সুৰক্ষা–সমৃদ্ধিৰ ক্ষেত্রত দায়বদ্ধ হৈ থাকিব৷’

তদুপৰি বিজেপিৰ সমূহ কার্যকর্তাক অভিনন্দন জ্ঞাপন কৰি শ্বাহে কয় যে মোদী আৰু নাড্ডাৰ নেতৃত্বত কার্যকর্তাসকলে অসমক উন্নয়নৰ পথত আগুৱাই নিয়াত একেলগে কাম কৰি যাব৷ ইফালে কংগ্রেছৰ সাম্প্রদায়িক ৰাজনীতি ৰাইজে সম্পূর্ণৰূপে প্রত্যাখ্যানত কৰিছে বুলি উল্লেখ কৰিছে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷ এক টুইটত নাড্ডাই কয়– ‘বিগত ৫ বছৰে ডাবল ইঞ্জিন চৰকাৰৰ বাবে অসমৰ সকলো ক্ষেত্রত অভূতপূর্ব উন্নয়ন সম্ভৱ হৈছে৷ বিজেপিৰ উন্নয়ৰ ৰাজনীতিক ৰাইজে আঁকোৱালি লৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অসমে প্রগতিৰ নতুন শিখৰত উপনীত হ’ব৷’ অভূতপূর্ব সমর্থনেৰে এন ডি এৰ ওপৰত পূর্ণ আস্থা প্রকাশ কৰাৰ বাবে অসমবাসীক ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে৷

RELATED ARTICLES