peepl-small

আমচাঙৰ ভূমি বেদখলকাৰীক উচ্ছেদ

PUBLISHED:

গুৱাহাটী:  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশৰ পিছতে মঙলবাৰে আমচাং অভয়াৰণ্যৰ ভূমি বেদখল কৰা একাংশ লোকক উচ্ছেদ কৰা হয়৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ পিছফালে থকা অভয়াৰণ্যখনৰ পাহাৰীয়া অঞ্চলটোত বিগত কিছুদিন ধৰি এই লোকসকলে বেদখল কৰিছিল৷ ইয়াৰ বিষয়ে মুখ্যমন্ত্রী ড০ শর্মা জ্ঞাত হোৱাৰ পিছত সংশ্লিষ্ট কর্তৃপক্ষক বেদখলকাৰীসকলক উচ্ছেদৰ নির্দেশ দিছিল৷

ইয়াৰ ভিত্তিতে কালি বন বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে যুটীয়াভাৱে অভিযান চলাই বেদখল কৰি থকা লোকসকলক উচ্ছেদ কৰে৷ বিগত কিছুদিনৰ ভিতৰতে খানাপাৰা পাহাৰত নির্মাণ কৰা সৰু সৰু কাঠ–বাঁহৰ ঘৰসমূহ আজি ভাঙি পেলায় প্রশাসনৰ লোকে৷

উল্লেখ্য যে ক’ভিডৰ সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ নিষেধাজ্ঞা ঘোষণা কৰিছিল৷ আন্তঃজিলা যাতায়াত বন্ধকে ধৰি দুপৰীয়াৰ পৰা বলৱৎ কৰা হৈছিল সান্ধ্য আইন৷ এই সময়ছোৱাতে উক্ত লোকসকলে পাহাৰখনৰ ভূমি খনন কৰাৰ লগতে ঘৰ নির্মাণ কৰে৷

প্রাপ্ত তথ্য অনুসৰি, উক্ত পাহাৰখনৰ বহুসংখ্যক মূল্যৱান চেগুন গছ কাটি তেওঁলোকে ঘৰ নির্মাণ কৰিছে৷ লাখ লাখ টকা মূল্যৰ চেগুন গছসমূহ কাটি তহিলং কৰাৰ লগতে বহু গছ পুতি পেলোৱা বুলিও অভিযোগ উত্থাপন হৈছে৷

বন বিভাগৰ যাতে চকুত নপৰে তাৰ বাবে এই মূল্যৱান গছসমূহ কাটি পুতি পেলোৱাৰ লগতে জ্বলাই দিয়া বুলি স্থানীয় একাংশ লোকে প্রকাশ কৰিছে৷ ৰহস্যজনকভাৱে পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ এই অঞ্চলটোত তেওঁলোকৰ অজ্ঞাতে কিদৰে বেদখলকাৰীসকলে ঘৰ নির্মাণ কৰিবলৈ সক্ষম হ’ল বুলিও উদয় হৈছে প্রশ্ণৰ৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বেদখল হোৱা অঞ্চলটোত হৰিণৰ লগতে কেটেলা পহুৰ বাসস্থান আছিল৷ কিন্তু ক্রমান্বয়ে অঞ্চলটোত হোৱা বেদখলে এই বন্যজীৱসমূহৰ বিচৰণস্থলী সংকুচিত কৰি অনাৰ লগতে একাংশই হত্যা কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷ পৰৱর্তী সময়ত এই অঞ্চলসমূহ বেদখলমুক্ত কৰি ৰাখিবলৈ বন বিভাগে কি পদক্ষেপ গ্রহণ কৰিব সেয়া লক্ষণীয় হ’ব৷

RELATED ARTICLES