peepl-small

পল্টনবজাৰত হেৰ’ইনসহ ৯ সৰবৰাহকাৰীক গ্রেপ্তাৰ

PUBLISHED:

মহানগৰ আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ কালি ড্রাগ্ছসহ মণিপুৰীবস্তিৰ পৰা দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ পাছত বুধবাৰে পুনৰ পল্টনবজাৰ আৰক্ষীয়ে ১৯ গ্রাম হেৰ’ইনসহ ৯টাকৈ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই বাবুল আলী, কাছিম আলী, মহম্মদ নীলচান্দ আলী, বিপ্লৱ বিশ্বাস, আবেদুৰ ৰহমান, আব্দুল খালেক, হাজ্রা বেগম, নাজিমা বেগম আৰু আফচানা বেগম নামৰ ড্রাগ্ছ সৰবৰাহকাৰীকেইটাক্ গ্রেপ্তাৰ কৰে৷ অভিযানকাৰী দলটোৱে ধৃত সৰবৰাহকাৰীকেইটাৰ্ পৰা নগদ ১২,২০০ টকা, চাৰিটা ম’বাইল, ১৩৬টা ড্রাগ্ছভর্তি কণ্টেইনাৰ জব্দ কৰে৷ ঘটনা সন্দর্ভত পল্টনবজাৰ আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

RELATED ARTICLES