peepl-small

হিংসাবর্জিত শান্তিৰ অসম নতুন প্রজন্মৰ অধিকাৰঃ মুখ্যমন্ত্রী

PUBLISHED:

গুৱাহাটী: আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আলোচনালৈ অহাৰ বাবে মুকলি আহ্বান জনালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সোমবাৰে সদনত ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা ধন্যবাদসূচক প্রস্তাৱৰ বিতর্কৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই চৰকাৰৰ আহ্বানৰ প্রতি সঁহাৰি জনাই পৰেশ বৰুৱাই অ’ এন জি চিৰ অপহূত কর্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ বাবে ধন্যবাদ জনায়৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই ঘটনাই আমাৰ মাজত ক’ৰবাত আশাৰ কিৰণ দেখুৱাইছে৷ শান্তি অসমৰ অধিকাৰ৷ পৰেশ বৰুৱাৰ বর্তমান বয়স প্রায় ৬৫ বছৰ৷ মোৰ বয়স ৫২ বছৰ৷ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ বয়স ৬০ বছৰৰ ওচৰত৷ এখন শান্তিৰ অসম আমি দিব লাগিব৷ হিংসাবর্জিত শান্তিৰ অসম নতুন প্রজন্মৰ অধিকাৰ৷ চৰকাৰ–আলফাই মুকলি মনেৰে আলোচনা কৰিব পৰা পৰিৱেশ নির্মাণ কৰি যাব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ এইক্ষেত্রত সদিচ্ছা আছে৷ ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই পৰম পিতাৰ ওচৰত আশীর্বাদ বিচাৰি কয় যে শান্তিৰ নতুন পোহৰ যেন আনিবলৈ সক্ষম হওঁ৷ সেইদৰে শান্তিৰ পৰিৱেশ উভতি অহা বড়ো ভূমিলৈ একাংশই অশান্তিৰ বীজ সৃষ্টি কৰিব খোজা, হিংসাৰ পৰিৱেশ গঢ়িব খোজাসকলক সদনৰ মজিয়াৰ পৰা কঠোৰ সকীয়নি প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকৰ প্রতি চৰকাৰ শূন্য সহনশীলতাৰে কঠোৰ হ’ব৷

একেদৰে কার্বি পাহাৰতো কেইদিনমানৰ ভিতৰতে শান্তিৰ পৰিৱেশ উভতি আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আৰু কেইটামান দিনৰ ভিতৰতে কার্বি পাহাৰতো শান্তি চুক্তি হ’ব৷ সদনত মন্ত্রী ড০ শর্মাই কয় যে বিজেপি মিত্রজোঁটৰ চৰকাৰৰ আমোলত ৰাজ্যখনত শান্তি আৰু সম্প্রীতিৰ নতুন পথ সূচনা হৈছে৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনত কোকৰাঝাৰ, ওদালগুৰিত গোষ্ঠীসংঘর্ষৰ সূচনা হৈছিল৷ কার্বি–ডিমাচাৰ সংঘর্ষই জাতীয় জীৱনৰ ক্ষতি কৰিছিল৷ গুৱাহাটীৰ মাজ মজিয়াত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল৷ কিন্তু যোৱা পাঁচটা বছৰত ৰাজ্যখনত হিন্দু–মুছলমানৰ মাজত কোনো সাম্প্রদায়িক সংঘর্ষ হোৱা নাই৷ প্রতিটো জনজাতীয় সমাজ অসমীয়া মূলসুঁতিৰ লগত বিলীন হয়৷ কংগ্রেছ চৰকাৰৰ দিনত ইজন–সিজনৰ মাজত সম্পর্কত ঘুণ ধৰিছিল৷ কিন্তু যোৱা পাঁচটা বছৰত অসমীয়া জাতীয়ে শান্তিৰ মলয়া পাইছে৷ গোবিন্দ বসুমতাৰীৰ দৰে ব্যক্তিয়ে মূলসুঁতিত মিলি যাব বুলি আগেয়ে কল্পনা কৰা হোৱা নাছিল৷

ইপিনে ৰাজ্যপালৰ ভাষণ বিতর্কত অংশগ্রহণ কৰি ইউ পি পি এলৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মূলসুঁতিলৈ অহা এন ডি এফ বি কেডাৰসকলৰ গোচৰ প্রত্যাহাৰ এতিয়াও নোহোৱা বুলি উল্লেখ কৰি সদনত কয় যে তাৰ বাবেই পুনৰ একাংশই জংঘললৈ যোৱা আৰম্ভ কৰিছে৷ এইক্ষেত্রত চৰকাৰে অতি সোনকালে ব্যৱস্থা লৈ মূলসুঁতিলৈ অহা এন ডি এফ বিৰ কেডাৰসকলৰ গোচৰ প্রত্যাহাৰ কৰিবলৈ তেওঁ আহ্বান জনায়৷

RELATED ARTICLES