peepl-small

ক’ভিডত মৃত অসম সন্তানৰ নামত মানৱবিহীন স্বয়ংক্রিয় নাও ‘পৰেশ বাহন’

PUBLISHED:

গুৱাহাটীঃ  প্রাকৃতিক দুর্যোগ তথা প্রতিকূল পৰিৱেশত উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰাৰ বাবে শেহতীয়াকৈ কর্ণাটক এনআইটিৰ জলসম্পদ আৰু মহাসাগৰ অভিযান্ত্রিক বিভাগে সাজি উলিওৱা হৈছে এক মানৱবিহীন যন্ত্রচালিত নাও৷ ৱাটাৰ ৰিছ’চ এণ্ড অ’চেন ইঞ্জিনীয়াৰিং বিভাগে সাজি উলিওৱা এই মানৱবিহীন যন্ত্রচালিত নাওখনে বিশেষ চর্চাৰ সৃষ্টি কৰিছে৷

ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা অসমৰ সুযোগ্য সন্তান অধ্যাপক ড০ পৰেশ চন্দ্র ডেকাৰ বিশেষ তত্ত্বাৱধানত নির্মাণ হোৱা এই নাওখনক ৱাটাৰ ৰিছ’চ এণ্ড অ’চেন ইঞ্জিনীয়াৰিং বিভাগ আৰু চেণ্ড্রেল ফ’ৰ ছিষ্টেম ডিজাইনিঙে পৰেশ বাহন হিচাপে নামাকৰণ কৰি প্রয়াত ডেকাৰ স্মৰণত উৎসর্গা কৰিছে৷ নলবাৰী জিলাৰ বিদ্যাপুৰৰ বাসিন্দা পৰেশ চন্দ্র ডেকা এগৰাকী অতি মেধাসম্পন্ন ছাত্র হিচাপে পৰিগণিত আছিল৷

এনআইটি শিলচৰৰ পৰা অভিযন্তা হিচাপে উত্তীর্ণ হোৱাৰ পাছত গুৱাহাটী আইআইটিৰ পৰা ৱাটাৰ ৰিছ’চ ইঞ্জিনীয়াৰিঙত ডক্টৰেট ডিগ্রী লাভ কৰে৷ হাইড্র’লিক মডেলিঙৰ ক্ষেত্রত বিশেষ পাৰদর্শিতা থকা প্রয়াত পৰেশ চন্দ্র ডেকাৰ তত্ত্বাৱধানতে প্রস্তুত কৰি তোলা পৰেশ নামৰ এই অত্যাধুনিক স্বয়ংচালিত মানৱবিহীন নাওখন সাজি উলিওৱাত ৱাটাৰ ৰিছ’চ এণ্ড অ’চেন ইঞ্জিনীয়াৰিঙক সহযোগ কৰিছিল চেণ্টাৰ ফ’ৰ ছিষ্টেম ডিজাইন আৰু এনআইটিকে ছুড়াকলে৷

মানৱবিহীন যন্ত্রচালিত নাওখনত আছে একক ৰশ্মিৰ প্রতিধ্বনিৰ জৰিয়তে জলপৃষ্ঠৰ গভীৰতা নিৰূপণ কৰাৰ লগতে সেই ঠাইৰ অক্ষাংশ দ্রাঘিমাংশ নিৰূপণ কৰাৰ এক বিশেষ প্রযুক্তি৷ নাওখন সুকলমে চলাচল কৰাৰ বাবে ৪০০ ৱাটযুক্ত বেটাৰী সংস্থাপন কৰা হৈছে৷ যাৰ জৰিয়তে এই বাহনখন ৬ঘণ্টা পর্যন্ত কার্যক্ষম কৰি ৰাখিব পাৰি৷ নাওখনৰ দুইফালে আউতৰিংগাৰ সংলগ্ণ হৈ থকাৰ বাবে ই যিকোনো পৰিস্থিতিতে নাওখনক শক্তিশালী আৰু কার্যদক্ষ কৰি ৰাখিব পাৰে৷

বেটাৰী সম্পূর্ণ চার্জ থকা সময়ত ‘পৰেশ’ বাহনখনে ৩৫ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্রম কৰিব পাৰে৷ ৰিম’ট কণ্ট্ৰ’লৰ দ্বাৰা পৰিচালিত এই বাহনখন পৰিস্থিতি সাপেক্ষে হাতেৰেও চলাব পাৰি৷ নাওখন সাজু কৰি তোলাৰ বাবে ড০ পৰেশ চন্দ্র ডেকাই যি অৰিহণা যোগাইছিল তাৰ বাবে ৱাটাৰ ৰিছ’চ এণ্ড অ’চেন ইঞ্জিনীয়াৰিঙে এই নাওখনক পৰেশ নামেৰে নামকৰণ কৰে৷

RELATED ARTICLES